ETV Bharat / state

Corruption in road construction: আমগুৰিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

author img

By

Published : Nov 26, 2022, 11:59 AM IST

শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে । ঐতিহাসিক ধোদৰ আলিৰ পৰা বৰাহীবাৰী ৰজাবাৰী সংযোগী পথচোৱা নিৰ্মাণক লৈ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ (Allegation of Corruption in road construction) ৷

Allegation of corruption in road construction in Amguri Sivasagar
আমগুৰিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

আমগুৰি, ২৬ নৱেম্বৰ: ৰাজ্যৰ বাটপথ সূচল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে বিভিন্ন কাৰ্যসূচী । কিন্তু কিমান সঠিক মানদণ্ডৰ হৈছে ৰাজ্যৰ বাট-পথ নিৰ্মাণৰ কাম ? পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে কৰি অহা দুৰ্নীতি কোনো নতুন কথা নহয় । এইচাম ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই নিৰ্মাণৰ পাছতেই জহি খহি যায় পথসমূহ (Contractor corruption in road construction) । আন্তঃগাঁথনি উন্নয়ণৰ নামত আৱন্টিত পুজিৰ ব্যাপক অপচয় কৰি নিজৰ পকেট গৰম আহিছে ঠিকাদাৰৰ লগতে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৷

শেহতীয়াকৈ শিৱসাগৰ জিলাৰ আমগুৰিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হোৱা পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়মৰ । ঐতিহাসিক ধোদৰ আলিৰ পৰা বৰাহীবাৰী ৰজাবাৰী সংযোগী পথচোৱা নিৰ্মাণক লৈ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ এই অভিযোগ (Corruption in road construction in Amguri)। প্ৰাপ্ত তথ্য অনুসৰি ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণৰ বাবে আৱন্টিত হৈছিল ৩ কোটি ৭৬ লাখ ৭৪ হাজাৰ টকা ৷

আমগুৰিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

লগতে এই পথচোৱা নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰিছিল শিৱসাগৰৰ সঞ্জীৱ মেথিউজ নামৰ ঠিকাদাৰজনে ৷ সঞ্জীৱ মেথিউজে পথচোৱাত অতি নিম্নমানদণ্ডৰ সামগ্ৰী প্ৰয়োগ কৰি বাকী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ পথচোৱা বালিৰ ওপৰতে বিটুমিন মাৰি নিৰ্মাণ কৰাৰ অভিযোগ তুলি একাংশ ক্ষুব্ধ লোকে বন্ধ কৰি দিয়ে পথটোৱাৰ নিৰ্মাণকাৰ্য ।

শিৱসাগৰ জিলা লোকনিৰ্মাণ বিভাগৰ অধীনস্থ পথচোৱা আমগুৰি লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে তদাৰক কৰি আহিছে যদিও বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ ৷ ৰাইজে কাৰ্যবাহী বিষয়াগৰাকীক পথ নিৰ্মাণত খেলিমেলি হোৱাৰ অভিযোগ দিলেও দায়সৰা মন্তব্য প্ৰদান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইয়াৰোপৰি এই পথচোৱাত থকা কালভাৰ্টটোৰো অৱস্থা একেই ৷ নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰাৰ ফলত জহি-খহি গৈছে কালভাৰ্টটো ৷ স্থানীয় ৰাইজে ঠিকাদাৰক কালভাৰ্টটো উন্নতমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলৈ কৈছিল যদিও ৰাইজক ওলটাই ধমক দিয়াৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

অতি শীঘ্ৰেই পছচোৱা মেৰামতি কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে । এতিয়া প্ৰশ্ন হয়, এই দুৰ্নীতিপৰায়ণ ঠিকাদাৰসকলক নাকী লগাব পাৰিব নে বিভাগীয় কতৃপক্ষই ? নে পথ নিৰ্মাণৰ নামত এনেকৈয়ে পুজিৰ ধনৰ অপচয় হৈ থাকিব ?

লগতে পঢ়ক: Corruption in Road construction: বাঘবৰত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.