ETV Bharat / bharat

Boat accident in Uttar Pradesh: গংগা নদীত ডুব গ’ল যাত্ৰীবাহী নাও

author img

By

Published : Nov 26, 2022, 12:01 PM IST

উত্তৰ প্ৰদেশৰ বাৰাণসীত অঘটন ৷ শনিবাৰে পুৱাই দশাশ্বমেধ ঘাটৰ সন্মুখত গংগা নদীত ডুব যায় এখন যাত্ৰীবাহী নাও (Boat accident in front of Dashashwamedh Ghat) ৷ নাওখনত আছিল 34 গৰাকী যাত্ৰী ৷ এই দুৰ্ঘটনাৰ পাচতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে নাওখনৰ চালকজন ৷

Boat accident in Uttar Pradesh
গংগা নদীত ডুব গ’ল যাত্ৰীবাহী নাও

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ বাৰাণসীত সংঘটিত হয় এক ভয়াবহ নাও দুৰ্ঘটনা (Boat capsized in Varanasi) ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল 34 গৰাকী তীৰ্থ যাত্ৰী ৷ আটাইকেইগৰাকী যাত্ৰী অন্ধ্ৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ 34 গৰাকী তীৰ্থ যাত্ৰীয়ে পূৱ গোদাৱৰীৰ পৰা বাৰাণসীৰ অভিমুখে গৈ আছিল ৷ তেনে সময়তে কোনো কাৰণবসত দশাশ্বমেধ ঘাটৰ সন্মুখত যাত্ৰীবাহী নাওখন গংগা নদীত ডুব যায় (Boat accident in front of Dashashwamedh Ghat) ৷ অৱশ্যে স্থানীয় নাৱৰীয়াৰ তৎপৰতাত গংগা নদীৰ পৰা 34 গৰাকী তীৰ্থ যাত্ৰীকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Rescued 34 pilgrims) ৷

কিন্তু উদ্ধাৰ হোৱা যাত্ৰীকেইগৰাকীৰ ভিতৰত 2 জন তীৰ্থযাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত 2 জন তীৰ্থ যাত্ৰীকে কবিৰচৌৰাস্থিত মণ্ডলীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে এই দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত নাৱৰ চালকজন ।

লগতে পঢ়ক : Crime in Delhi: দিল্লীত থানাৰ ভিতৰতেই আৰক্ষী বিষয়াক প্ৰহাৰ কৰি ৰঙাঘৰত আৰক্ষী

ইফালে উক্ত দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ তাৰ পাচতে আৰক্ষীৰ দলটোৱে আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, প্ৰথম অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ কিছু বিসংগতি হোৱাৰ অনুমান পাই আতংকিত হৈ পৰে যাত্ৰীসকল ৷ তাৰ পাচতে এজন এজনকৈ সকলো যাত্ৰীয়ে পানীত জাপ দিয়ে ৷

আনকি মূহুৰ্তৰ ভিতৰতে গংগা নদীত ডুব যায় নাওখন (Boat capsized in Ganga river)৷ ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷ জানিব পৰা মতে, এই নাও দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়ক : Fire at Maran: মৰাণৰ ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড, ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধই চানি ধৰিছে সমগ্ৰ মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.