ETV Bharat / bharat

Crime in Delhi: দিল্লীত থানাৰ ভিতৰতেই আৰক্ষী বিষয়াক প্ৰহাৰ কৰি ৰঙাঘৰত আৰক্ষী

author img

By

Published : Nov 26, 2022, 10:15 AM IST

Crime in Delhi
দিল্লীত থানাৰ ভিতৰতেই আৰক্ষী বিষয়াক প্ৰহাৰ কৰি ৰঙাঘৰত আৰক্ষী

দিল্লী আৰক্ষীয়ে এগৰাকী আৰক্ষীক দুৰ্ব্য়ৱহাৰ আৰু প্ৰহাৰ সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Delhi police registered case against police)। উল্লেখ্য় যে এই অভিযুক্তজন আজাদপুৰ মেট্ৰ' ষ্টেচনত কৰ্মৰত আৰক্ষী বিষয়া ।

নেশ্য়নেল ডেস্ক, ২৬ নৱেম্বৰ: দিল্লীত আৰক্ষীৰ বিৰুদ্ধেই উৎপীড়নৰ গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে (Delhi Police registered case against police personnel)। এই ঘটনাটো সংঘটিত হৈছে মহেন্দ্ৰ পাৰ্ক আৰক্ষী থানাত (Mahendra Park Police Station)। থানাখনৰ ভিতৰত বিবাদ সৃষ্টি কৰা আৰু আৰক্ষীক তদন্তত বাধা দিয়াৰ উপৰি কৰ্তব্য়ৰত আৰক্ষীক প্ৰহাৰ কৰাৰ বাবে এই গোচৰটো ৰুজু কৰা বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰি কৰিছে ।

ইতিমধ্য়ে অভিযুক্তক মহেন্দ্ৰ পাৰ্কৰ বাসিন্দা অনিল শৰ্মা বুলি চিনাক্ত কৰা হৈছে । উত্থাপিত অভিযোগ অনুসৰি এই জোৱানজনে অভিযোগকাৰীগৰাকীৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন । অভিযুক্ত অনিল শৰ্মা হৈছে দিল্লী আৰক্ষীত কৰ্মৰত জোৱান (Azadpur Metro Station)। তেওঁ আজাদপুৰ মেট্ৰ' ষ্টেচনত কৰ্মৰত হৈ আছে । ঘটনাৰ বিৱৰণি অনুসৰি অভিযুক্ত অনিলক এগৰাকী অভিযোগকাৰী মহিলাক আন এগৰাকী অভিযুক্তৰ সৈতে আৰক্ষী চকীলৈ অনা হৈছিল । ইয়াৰ পিছতেই তদন্তৰ সময়ত অনিল শৰ্মাই ষ্টেচন হাউচ অফিচাৰগৰাকীক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে (Station House Officer)।

উল্লেখ্য় যে এগৰাকী মহিলা অভিযোগকাৰীক থানাখনৰ ভিতৰত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলে মহিলা আৰক্ষীৰ উপস্থিতিত পৰীক্ষা কৰিছিল (Molestation case registered against police personnel)। হঠাতে অনিল নামৰ অভিযুক্ত আৰক্ষী জোৱানজনে আৰক্ষী থানাৰ ভিতৰত মহিলা অভিযোগকাৰীগৰাকীক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে । আনসকল আৰক্ষীৰ জোৱানে অনিলক শান্ত কৰিবলৈ চেষ্টা কৰে যদিও তেওঁ কৰ্তব্যৰত আনসকল আৰক্ষীৰ জোৱানৰ সৈতে দুৰ্ব্যৱহাৰ কৰে । আনকি মহেন্দ্ৰ পাৰ্কৰ এছএইচঅ'ই অভিযুক্তজনক শান্ত কৰিবলৈ চেষ্টা কৰি বিবৃতি লিপিবদ্ধ কৰিবলৈ তেওঁক অভিযোগকাৰীৰ কাষৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰে যদিও অভিযুক্ত অনিলে কাৰো কথা নুশুনি এছএইচঅ'কে ওলোটাই প্ৰহাৰ কৰে ।

এই ঘটনাৰ পিছত অভিযুক্ত অনিলক আন আৰক্ষী জোৱানৰ সহায়ত নিয়ন্ত্ৰণ কৰি দিল্লী আৰক্ষীয়ে হাতাহাতিৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰে । সম্প্ৰতি এই বিষয়টোৰ ওপৰত আৰক্ষীৰ তদন্ত চলি আছে (Police investigation at Mahendra Park Police Station) ।

লগতে পঢ়ক:Shariful murder case: আৰক্ষীৰ জালত চৰিফুল হত্যাকাণ্ডৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.