ETV Bharat / state

Shariful murder case: আৰক্ষীৰ জালত চৰিফুল হত্যাকাণ্ডৰ অভিযুক্ত

author img

By

Published : Nov 25, 2022, 7:42 PM IST

Updated : Nov 25, 2022, 7:51 PM IST

1 arrested related to Shariful murder case at Chandmari
Shariful murder case: চান্দমাৰি আৰক্ষীৰ জালত চৰিফুল হত্যাকাণ্ডৰ লগত অভিযুক্ত

মহানগৰীৰ চানমাৰিৰ এটা নলাত উদ্ধাৰ হোৱা চৰিফুলৰ হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই (Murder case at Chandmari) ৷ বৃহস্পতিবাৰে নিশা চানমাৰি আৰক্ষীয়ে নিজৰাপাৰৰ পৰা এটা অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (1 arrested related to Shariful murder case) ৷

গুৱাহাটী, ২৫ নৱেম্বৰ : ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী (Shariful murder case in Guwahati)৷ এইবাৰ চৰিফুল হত্যাকাণ্ডই নতুন মোৰ লৈছে ৷ মহানগৰীৰ চানমাৰিৰ এটা নলাত উদ্ধাৰ হোৱা চৰিফুলৰ হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই (Murder case at Chandmari) ৷

চান্দমাৰি আৰক্ষীৰ জালত চৰিফুল হত্যাকাণ্ডৰ অভিযুক্ত

বৃহস্পতিবাৰে নিশা চানমাৰি আৰক্ষীয়ে নিজৰাপাৰৰ পৰা এটা অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (1 arrested related to Shariful murder case) ৷ উল্লেখ্য যে মহানগৰীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ এটা নলাত যোৱা ২৮ মে’ত নুনমাটি ২ নং নিজৰাপাৰৰ চৰিফুল আলী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ চৰিফুলক তেওঁৰেই সতীৰ্থই ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰি মৃতদেহটো নলাত পেলাই দিছিল ৷

ঘটনাটো সংঘটিত হোৱাৰ দিনা চৰিফুলৰ ঘৰৰ ওচৰৰে জাহান উদ্দিন নামৰ বন্ধুজনৰ সৈতে কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল (Friend killed Shariful Ali) ৷ তাৰ পিছতেই খঙৰ ভমকত জাহানুদ্দিন আলীয়ে লগত থকা চুৰিৰে চৰিফুলৰ ডিঙি ৰেপি হত্যা কৰি নলাত পেলাই দিয়ে ৷ চৰিফুলৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে চৰিফুলৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চানমাৰী আৰক্ষীয়ে (Chandmari police investigation) ভাৰতীয় দণ্ড বিধি ৩০২/৩৪ৰ অধীনত ২৪৯/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল ৷

এই ঘটনাৰ তদন্ত কৰি চানমাৰি আৰক্ষীয়ে তেতিয়াৰে পৰা পলাতক অৱস্থাত থকা ঘটনাৰ মূল অভিযুক্ত জাহান উদ্দিনক ৪ দিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷ এই ঘটনাত জাহান উদ্দিনক লগ দিছিল লগৰ আন এজন বন্ধুৱেও ৷ জাহান উদ্দিনক গ্ৰেপ্তাৰৰ পিছতো চানমাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ৷ চানমাৰি আৰক্ষীয়ে শুকুৰবাৰে চৰিফুল হত্যাকাণ্ডৰ লগত জড়িত আন এক অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আটকাধীন অভিযুক্তটো নিজৰাপাৰৰ ৰহিম আলী(30) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Accused arrested by Chandmari police) ৷ ইফালে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে চৰিফুল আলীৰ ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়ক: Modi Gujarat meeting : গুজৰাটৰ প্ৰচাৰ সভাত মোডীয়ে আশীৰ্বাদ লোৱা কোন সেইগৰাকী মানেক বা ?

Last Updated :Nov 25, 2022, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.