Modi Gujarat meeting : গুজৰাটৰ প্ৰচাৰ সভাত মোডীয়ে আশীৰ্বাদ লোৱা কোন সেইগৰাকী মানেক বা ?

author img

By

Published : Nov 25, 2022, 4:39 PM IST

Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ এক অনুষ্ঠানৰ পাছতে মানেক বাক সাক্ষাৎ কৰে (PM Modi meets Manek ba)। প্ৰধানমন্ত্ৰী মোডীক আশীৰ্বাদ দি মানেক বাই কয় যে ২০২৪ চনতো নৰেন্দ্ৰ মোডীয়ে হ'ব দেশৰ প্ৰধানমন্ত্ৰী । গুজৰাটৰ প্ৰচাৰ সভাত মোডীয়ে প্ৰায়ে স্মৰণ কৰে লীলা বা আৰু মানেক বাক ।

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : গুজৰাটৰ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছে (PM Modi Public Meeting in Gujarat)। এই প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ বাভলাত এখন ৰাজহুৱা সভাত অংশ লয় (PM Modi Public Meeting in Bavla)। সভাখনত ভাষণ প্ৰদান কৰি পুৰণি কথাবোৰ স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । একে সময়তে তেওঁ দুগৰাকী বিশেষ ব্যক্তি ক্ৰমে স্বৰ্গীয় লীলা বা আৰু আনগৰাকী ১০৪ বছৰীয়া মানেক বাকো স্মৰণ কৰি আৱেগিক হৈ পৰে । ইফালে সভাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ১০৪ বছৰীয়া মানেক বাৰ আশীৰ্বাদো গ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোডীয়ে বাভলাত মানেক বাক সাক্ষাৎ কৰি কিছু সময় বাৰ্তালাপ কৰে । এই সন্দৰ্ভত বিজেপি নেতা আৰ চি পেটেলে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে বাভলাৰ ভিতৰত এখন ৰাজহুৱা সভা সম্বোধন কৰি আৱেগিক হৈ পৰে । লীলা বা আৰু মানেক বাক মনত পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Modi
নৰেন্দ্ৰ মোডীয়ে ১০৪ বছৰীয়া মানেক বাক সাক্ষাৎ কৰে

ইফালে লীলা বাৰ ৪ নৱেম্বৰত ষষ্ঠ মৃত্যু বাৰ্ষিকী আছিল আৰু লীলা বাই প্ৰধানমন্ত্ৰী মোডীক খুব ভাল পাইছিল । গতিকে মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি লাড়ু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠোৱা হৈছিল বুলিও কয় বিজেপি নেতাগৰাকীয়ে । ইয়াৰ পাছতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে লীলা বাৰ অনুপস্থিতিত মানেক বাক সাক্ষাতৰ বাবে আগ্ৰহী আছিল । সেয়েহে প্ৰধানমন্ত্ৰী মোডীয়ে ১০৪ বছৰীয়া মানেক বাক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে (PM Modi meets Manek ba )। মানেক বাক সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক আশীৰ্বাদ দি তেওঁ কয় যে ২০২৪ চনতো মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব ।

পিছে আনগৰাকী লীলা বা কোন ? লীলা বা হৈছে গুজৰাটৰ জিলা পঞ্চায়তৰ পৰা নিৰ্বাচিত প্ৰথমগৰাকী মহিলা । তেতিয়া ৰাজ্যখনত বিজেপিৰ অস্তিত্ব নাছিল । যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংঘৰ প্ৰচাৰৰ বাবে বাভলালৈ আহিছিল । সেই সময়ত, মোডীয়ে লীলা বাৰ ঘৰত খাইছিল আৰু নিজও ৰান্ধিছিল । তেতিয়াৰে পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাভলা বা ওচৰৰ গাওঁসমূহত সভাত অংশগ্ৰহণ কৰিলে লীলা বাক সদায় স্মৰণ কৰা দেখা যায় ।

লীলা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদৰ্শস্বৰূপ । সেয়ে যেতিয়াই মোডীৰ সভাত যদি লীলা বা উপস্থিত থাকে । নৰেন্দ্ৰ মোডীয়ে তেওঁক মঞ্চলৈ মাতি আনে ।

লগতে পঢ়ক :FIFA World Cup fever : আৰ্জেণ্টিনা ফুটবল দলৰ ব্যতিক্ৰমী সমৰ্থক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.