ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 6, 2022, 1:01 PM IST

1 বজাৰ শীৰ্ষ 10টা বাতৰি
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

Manipur IED blast : মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ IED বিস্ফোৰণ

যোৱা দুটা দিনত মণিপুৰত দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । শুকুৰবাৰে পুনৰ আইইডি বিস্ফোৰণ (IED blast in Manipur)। মণিপুৰৰ কৃষি বিভাগত কৰ্মৰত কাৰ্যবাহী অভিযন্তা আৰ কে বীৰেন্দ্ৰৰ ঘৰৰ সন্মুখত এই বিস্ফোৰণ । বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই ।

বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱত উত্তেজনা

আকৌ চৰ্চাত বন্ধন বেংক ৷ এইবাৰ বন্ধন বেংকৰ কিস্তি সংগ্ৰহৰ নামত বঙাইগাঁৱৰ কোকিলা 2 য় খণ্ডত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tens in Bongaigaon in the name of collecting installments of Bandhan Bank) ।

ভূপেন বৰা দলৰ পৰা আঁতৰি গ’লেই দলটো ঠিক হৈ যাব : ৰূপজ্যোতি কুৰ্মী

বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ বিধায়িনী বৈঠকৰ বাবে বৰগছ ৰিজৰ্টত মন্ত্ৰী-বিধায়কৰ আগমণ । পুৱা সকলো মন্ত্ৰী বিধায়কে অংশ লয় যোগাসন কাৰ্যসূচীত । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলক কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi criticized Congress)।

পূৰ্বৰ চিপিআই(এম) চৰকাৰক সমালোচনা ত্ৰিপুৰাৰ মন্ত্ৰী সুশান্ত চৌধুৰীৰ

শ্ৰমিক, কৃষকসকলক পূৰ্বৰ কমিউনিষ্ট চৰকাৰে সভা বা ৰেলী আদিতহে ব্যৱহাৰ কৰিছিল । তেওঁলোকৰ হিতৰ বাবে চিন্তা কৰা নাছিল চৰকাৰে । চিপিআই(এম) চৰকাৰক সমালোচনা মন্ত্ৰী সুশান্ত চৌধুৰীৰ (Minister Sushanta Chaudhary criticizes previous CPIM govt)। ত্ৰিপুৰাৰ বৰ্তমানৰ চৰকাৰৰ দিনত শ্ৰমিক, কৰ্মচাৰীসকলৰ দায়িত্ব বাঢ়িছে । তেওঁলোকে এতিয়া সভা বা ৰেলী আদিত অংশ ল'ব নালাগে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।

আকৌ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ জিগনেশ মেৱানীক

আকৌ কাৰাবন্দী হ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (Gujarat independent MLA Jignesh Mevani) ৷ অসম আৰক্ষীৰ জালৰ পৰা মুক্ত হৈ এইবাৰ গুজৰাট আৰক্ষীৰ ৰোষত পৰিছে দলিত নেতাগৰাকী ৷ তথ্য অনুসৰি, পাঁচ বছৰৰ এটি পুৰণি গোচৰৰ আধাৰতে বৃহস্পতিবাৰে পুনৰ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় জিগনেশ মেৱানীক (Jignesh mevani still needs to spend three months in prison) ৷

প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ

প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুন বৰাৰ পাছত এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে(EX MLA Abdur Rahim Khan quits Congress) ৷ কংগ্ৰেছ নেতৃত্বৰ খোৱা-কামোৰা, দ্বন্দ, অন্তঃকলহত অতিষ্ঠ হৈয়েই পদত্যাগ কৰাৰ কথা উল্লেখ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

Chardham Yatra : ভক্তৰ বাবে মুকলি কেদাৰনাথ ধাম

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত বাবা কেদাৰনাথ ধামৰ দুৱাৰ আজি মুকলি কৰা হয় (Doors of Kedarnath Dham opened for devotees)। পুৱা ৬.২৫ বজাত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে ভক্তৰ বাবে মুকলি হয় কেদাৰনাথ ধাম । মুকলি অনুষ্ঠানত উপস্থিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ।

দুটা ভাগত বিভক্ত হ’ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

দুটা বিভাগত বিভক্ত হ'ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (Department of Health and Family Welfare has been divided ) । বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে ৷

নিৰীহক সজালে চোৰ : মুখ্যমন্ত্ৰীয়ে দিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি একাংশ আৰক্ষীয়ে ?

মৰিয়নিৰ টীয়কৰ থানাৰ অন্তৰ্গত চেলেংহাত সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা ৷ এগৰাকী নিৰীহ চালকক আৰক্ষীয়ে সজালে চোৰ (Allegation against teok police ) ৷ এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই হাতে লোটে ধৰা পৰিল চকৰত আলী !

ঈদ খাবলৈ যোৱা অৱস্থাত এগৰাকী ৯ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই লখিমপুৰত হাতে-লোটে ধৰা পৰিল এজন (Attempt to rape of a minor girl in Lakhimpur) ৷ ঘটনাকলৈ সৃষ্টি হৈছে চাঞ্চল্য ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.