ETV Bharat / city

নিৰীহক সজালে চোৰ : মুখ্যমন্ত্ৰীয়ে দিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি একাংশ আৰক্ষীয়ে ?

author img

By

Published : May 5, 2022, 10:59 PM IST

মৰিয়নিৰ টীয়কৰ থানাৰ অন্তৰ্গত চেলেংহাত সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা ৷ এগৰাকী নিৰীহ চালকক আৰক্ষীয়ে সজালে চোৰ (Allegation against teok police ) ৷ এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সৱিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

allegation-against-teok-police
নিৰীহক সজালে চোৰ : মুখ্যমন্ত্ৰীয়ে দিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি একাংশ আৰক্ষীয়ে !

যোৰহাট, 5 মে’: এফালে, ক্ষমতাৰ বলত বলিয়ান এচাম আৰক্ষী, আনফালে গাড়ী চলাই অভাৱ দূৰ কৰা এজন চালক ৷ সীমাহীন অভাৱৰ সৈতে সহবাস কৰি আহিলেও কোনোদিনে চৌৰ্যবৃত্তিৰ দৰে ঘৃণনীয় কাৰ্যত জড়িত হোৱাৰ নজিৰ নাই চালকজনৰ । মৰিয়নিত এইগৰাকী নিৰীহ চালকে এতিয়া স্মাৰ্ট অসম আৰক্ষীৰ কৃপাত অনাহকত চোৰৰ কলংক বহন কৰিবলগীয়া হৈছে ।

ঘটনাটো সংঘটিত হৈছে টীয়ক থানাৰ অন্তৰ্গত চেলেংহাতত ৷ বুধবাৰে নিশা ডিমাপুৰৰ পৰা নগালেণ্ডৰ মন অভিমুখে গৈ থকা NL 07 A 6754 নম্বৰৰ চৰকাৰী FCI চাউল ভৰ্তি এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে ধোদৰ আলিত ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰাকখনৰ নথি-পত্ৰ নথকাৰ বাবেই আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ৷

নিৰীহক সজালে চোৰ : মুখ্যমন্ত্ৰীয়ে দিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি একাংশ আৰক্ষীয়ে !

অভিযোগ মতে, ৰাস্তাৰে গৈ থকা সময়ত চেলেংহাট আৰক্ষীয়ে নথিপত্ৰ পৰীক্ষা কৰাৰ নামত ট্ৰাকখন থানালৈ আনি ট্ৰাকৰ চালকজনক মাৰধৰ কৰি নিশাটো থানাতে আৱদ্ধ কৰি ৰাখে ৷ তাৰ পিছত বৃহস্পতিবাৰে পুৱা চালক-হেণ্ডিমেনক মাৰধৰ কৰাৰ লগতে বাইক চোৰ সজোৱাৰ চেষ্টা কৰে আৰক্ষীয়ে (police allegedly made false case against truck driver) ৷ সাংবাদিকৰ আগত এই অভিযোগ উত্থাপন কৰিছে ট্ৰাক চালকজনে (Allegation against teok police) ৷

সম্প্ৰতি, এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যিসময়ত অসম আৰক্ষীৰ নৈতিক সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰলস প্ৰয়াস চলাই থকাৰ কথা আলোচিত হৈছে ৷ তেনেসময়তে এচাম আৰক্ষী বিষয়াৰ এনে দায়িত্বহীন আচৰণে যোৰহাট জিলা আৰক্ষীৰ লগতে ৰাজ্যৰ আৰক্ষী বিভাগটোকে জনমানসত প্ৰশ্নৰ সমুখীন কৰিছে ।

লগতে পঢ়ক : উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আহি আছে আয়ুষ্মান খুৰানাৰ 'অনেক'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.