ETV Bharat / state

নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই হাতে লোটে ধৰা পৰিল চকৰত আলী !

author img

By

Published : May 5, 2022, 10:46 PM IST

rape-attempt-to-a-minor-girl-in-lakhimpur
ঈদ খাবলৈ যোৱা নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই হাতে-লোটে ধৰা পৰিল চকৰত আলী !

ঈদ খাবলৈ যোৱা অৱস্থাত এগৰাকী ৯ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই লখিমপুৰত হাতে-লোটে ধৰা পৰিল এজন (Attempt to rape of a minor girl in Lakhimpur) ৷ ঘটনাকলৈ সৃষ্টি হৈছে চাঞ্চল্য ৷

লখিমপুৰ, ৫ মে : লখিমপুৰত এক জঘন্য কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে । এগৰাকী ন বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৫৫ বছৰীয়া এজন লোক । অভিযোগ অনুসৰি, ঈদ খাবলৈ যোৱা অৱস্থাত এগৰাকী ৯ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাইছিল ৫৫ বছৰীয়া লোকজনে (Attempt to rape of a minor girl in Lakhimpur) ৷ এই জঘন্য ঘটনাৰ কথা পোহৰলৈ অহাৰ লগে লগে এতিয়া সমগ্ৰ লখিমপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

এই সন্দৰ্ভত 'ৱাৰিয়ৰ্ছ' নামৰ সংস্থাটোৰ তৰফৰ পৰাও ইতিমধ্যে, অভিযুক্ত মহম্মদ চকৰত আলীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ (Fir filed against one for attempting rape on minor girl) । অভিযোগ মৰ্মে পবিত্ৰ ঈদ উদযাপনৰ মাজতে ঈদ খাবলৈ যোৱা নাবালিকাক গৰাকীক বাথৰূমত আৱদ্ধ কৰি ধৰ্ষণৰ চেষ্টা কৰে চকৰতে ।

ঈদ খাবলৈ যোৱা নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই হাতে-লোটে ধৰা পৰিল চকৰত আলী !

ইতিমধ্যে, এই ঘটনাত হাতে-লোটে ধৰা পৰাৰ পিছত দোষ স্বীকাৰো কৰিছে চকৰতে । পিছত আজি ৱাৰিয়ৰ্ছ নামৰ বেচৰকাৰী সংস্থাটোৰ লখিমপুৰ জিলা সমিতি আৰু কাকৈ‌ ৰাজগড় আঞ্চলিক সমিতিয়ে বগীনদী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে চকৰতৰ বিৰুদ্ধে । সকলোৱে এতিয়া দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : মৰাণত চাইল্ড লাইনৰ তৎপৰতাত পাঁচ শিশু শ্ৰমিক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.