মৰাণত চাইল্ড লাইনৰ তৎপৰতাত পাঁচ শিশু শ্ৰমিক উদ্ধাৰ

author img

By

Published : May 5, 2022, 9:28 PM IST

childline-members-rescued-child-labor-in-collaboration-with-moran-police

মৰাণত আৰক্ষীৰ সহযোগত চাইল্ড লাইনৰ অভিযান ৷ মৰাণৰ তিনিটাকৈ স্থানৰ পৰা উদ্ধাৰ পাঁচটাকৈ শিশু শ্ৰমিক (Childline members rescued child labor )৷

মৰাণ, 5 মে' : যি সময়ত চৰকাৰে শিশু শ্ৰমিক ৰোধৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে, তেনে সময়তে মৰাণত চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হৈছে পাচঁগৰাকীকৈ শিশু শ্ৰমিক (Childline members rescued child labor)৷ বৃহস্পতিবাৰে আৰক্ষীৰ সহযোগত চাইল্ড লাইনে অভিযান চলাই এটা গেৰেজ, এখন হোটেল আৰু এখন দোকানৰ পৰা উদ্ধাৰ কৰে পাঁচটা শিশু শ্ৰমিক ।

মৰাণ আৰক্ষীৰ সহযোগত চাইল্ড লাইনৰ অভিযান

নাহৰকটীয়া বাছ আস্থানৰ ফাৰুক চাৰ্ভিচ চেন্টাৰত কাম কৰি থকা অৱস্থাৰ পৰা চামুগুৰিৰ দুটিকৈ শিশুক উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ ইয়াৰ পাছতে মৰাণ চহৰৰ মাজমজিয়াত থকা ৰিভেলি ফাষ্টফুড নামৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা দুটি শিশু আৰু আন এখন বাচন-বৰ্তনৰ দোকানৰ পৰা এটি শিশুক উদ্ধাৰ কৰে আৰক্ষী আৰু চাইল্ড লাইনৰ বিষয়াসকলে (Child labors recued by Moran police) ।

আনহাতে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই অভিযান চলাই বুলি জানিবলৈ দিয়ে অভিযানকাৰী বিষয়াসকলে । ইফালে উদ্ধাৰ হোৱা পাঁচটাকৈ শিশুক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰক্ষী আৰু চাইল্ড লাইনৰ বিষয়াসকলে । লগতে শিশুকেইটা কাম কৰি থকা প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদৰী কৰে অভিযানকাৰী বিষয়াসকলে ।

লগতে পঢ়ক : ধুবুৰীৰ ভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ ১৫ গৰাকী শিশু শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.