ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 3, 2022, 8:59 AM IST

9 বজাৰ শীৰ্ষ 10টা বাতৰি
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Encounter Baihata Chariali : আৰক্ষীৰ গুলীচালনাত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বগা

বাইহাটা চাৰিআলিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা (Encounter in Baihata Chariali) ৷ আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰা এটা ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি কৰা হয় এই গুলিচালনা(Drugs smuggler injured at police encounter) ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ড্ৰাগছ সৰবৰাহকাৰীটো ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ধূলিস্যাৎ হ'ব কংগ্ৰেছ: অজন্তা নেওগ

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন 2022 (KAAC election 2022)ক কেন্দ্ৰ কৰি ৰাজনৈতিক দল তথা নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ ঠায়ে ঠায়ে চলিছে প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ কঠালগুৰীত 17 নং চ'চাংধেনটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাচী ৰংপিপীৰহৈ প্ৰচাৰ চলালে বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog campaign for KAAC election 2022) ৷

আৰম্ভ হ’ল ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজীয়া হাইড্ৰ’জেন পাইলট প্ৰকল্প

আৰম্ভ হ’ল ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজীয়া হাইড্ৰ’জেন পাইলট প্ৰকল্প (India's first pure green hydrogen pilot plant commissioned) ৷ অইল ইণ্ডিয়া লিমিটেডে এই প্ৰকল্পটো যোৰহাট পাম্প ষ্টেচনত আৰম্ভ কৰে ৷

পাভ নদীৰ মূল সুঁতিত সন্দেহজনক নাগৰিকৰ বেদখলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

সন্দেহজনক নাগৰিকৰ বেদখল উচ্ছেদ কৰাৰ দাবীৰে নাওবৈচাৰ মহিলাসহ ওলাই আহিল ৰাজপথলৈ (Local people protest against Encroachment) ৷ প্ৰতিবাদী ৰাইজে 'সন্দেহজনক নাগৰিকক উচ্ছেদ কৰক','পাভ নদীৰ মূল সুঁতি ঘূৰাই দিয়ক', 'অবৈধ চাইড বান্ধ ভাগি দিয়ক' আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে ।

Assistant commissioner suspended: কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্তক নিলম্বন

কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকাক নিলম্বন(Assistant commissioner of Kamrup Metro suspended ) । মাধ্যমিক শিক্ষা বিভাগৰ অ' এছ ডি হিচাপে কৰ্মৰত আছিল বিষয়াগৰাকী ।

চাকৰি নিয়মীয়া নহ’ল: উপায়হীন কৰ্মচাৰীয়ে বিচাৰিলে ইচ্ছামৃত্যু

নগাঁৱত ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি দেশৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ এগৰাকী কৰ্মচাৰীৰ (Letter to president seeking permission for euthanasia) ৷ ১৯৮৭ চনৰ পৰা চাকৰি কৰাৰ পাচতো চাকৰি নিয়মীয়া নোহোৱা আৰু একাংশ বিভাগীয় আমোলাৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰি এই চৰম সিদ্ধান্ত গ্ৰহণ ব্যক্তিগৰাকীৰ ৷

অসম আৰক্ষীত যিমানে নিযুক্তি পালে তাৰ সমানেই আলফাতো নিযুক্তি পাইছে: ভূপেন বৰা

কাৰ্বি ভূমিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ (APCC president Bhupen Bora in Election campaign) ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায় সভাপতিগৰাকীয়ে ৷

PPE kit scam: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী ৰাইজৰ দলৰ

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ বিস্ফোৰক অভিযোগ ৷ ক'ভিডৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ক'ভিডৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল । য'ত জড়িত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ক'ভিড কেলেংকাৰীৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী ৰাইজৰ দলৰ(Raijor Dal demands CBI probe against CM's family) ৷

Pandit Bhajan Sopori passes away: পণ্ডিত ভজন চোপোৰী আৰু নাই

ভাৰতীয় সংগীত জগতৰ বাবে আন এক অপূৰণীয় ক্ষতি (Pandit Bhajan Sopori passes away)৷ কিংবদন্তী সন্তোৰ বাদক তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত পণ্ডিত ভজন চোপোৰীৰ বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত মৃত্যু ৷

আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ জাননী

আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ (Encounter in Assam) অভিযোগ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিছে জাননী ৷ ন্যায়ালয়ত শুনানীৰ দিন চমু চাপি অহাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে অসমৰ প্ৰত্যেকখন থানালৈ জাৰি কৰিছে জাননী (Assam DGP office passed a notice) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.