Pandit Bhajan Sopori passes away: পণ্ডিত ভজন চোপোৰী আৰু নাই

author img

By

Published : Jun 2, 2022, 8:09 PM IST

Pandit Bhajan Sopori passes away

ভাৰতীয় সংগীত জগতৰ বাবে আন এক অপূৰণীয় ক্ষতি (Pandit Bhajan Sopori passes away)৷ কিংবদন্তী সন্তোৰ বাদক তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত পণ্ডিত ভজন চোপোৰীৰ বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত মৃত্যু ৷

নিউজ ডেস্ক, 2 জুন: কিংবদন্তী সন্তোৰ বাদক তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত পণ্ডিত ভজন চোপোৰীৰ(Santoor maestro Pandit Bhajan Sopori) বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত মৃত্যু হয় । তেওঁ গুৰুগ্ৰামৰ ফৰ্টিছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । ১৯৪৮ চনত জন্মগ্ৰহণ কৰা পণ্ডিত ভজন চোপোৰী কাশ্মীৰৰ চোপোৰ উপত্যকাৰ বাসিন্দা । তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চুফিয়ানা ঘৰানাৰ আছিল ।

ভজন চোপোৰীয়ে ১৯৫৩ চনত পাঁচ বছৰ বয়সত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠান পৰিবেশন কৰিছিল । কেইবা দশকজোৰা কেৰিয়াৰত তেওঁ ইজিপ্ত, ইংলেণ্ড, জাৰ্মানীৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠান পৰিবেশন কৰিছিল (Pandit Bhajan Sopori passes away)।

তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীত শিকিছিল ৷ সমান্তৰালভাৱে তেওঁৰ ককাক এছ চি চপোৰী আৰু পিতৃ শম্বু নাথৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল পণ্ডিত চোপোৰীয়ে । ৱাশ্বিংটন বিশ্ববিদ্যালয়ত সংগীত শিক্ষাও প্ৰদান কৰিছিল ভজন চোপোৰীয়ে ৷

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে চোপোৰীক ১৯৯২ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০০৪ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল । তেওঁক ২০১৬ চনত ভাৰতৰ ৬৭ তম গণতন্ত্ৰ দিৱসত জম্মু-কাশ্মীৰ ৰাজ্যিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক : KK last rites:পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.