ETV Bharat / entertainment

KK last rites:পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কে

author img

By

Published : Jun 2, 2022, 5:22 PM IST

kk last rites
পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কে

পৰিয়াল আৰু বন্ধুবৰ্গ আৰু অনুৰাগীৰ উপস্থিতিত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ল কৃষ্ণকুমাৰ কুন্নাথৰ ৷ 53 বছৰ বয়সতে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা জনপ্ৰিয় গায়ক কে কেক সকলোৱে অশ্ৰুসিক্ত নয়নেৰে দিলে বিদায় (KK last rites) ৷

চিটাৰা ডেস্ক, 2 জুন: চিৰদিনৰ বাবে অন্য এখন জগতলৈ গুচি গ’লগৈ গায়ক কে কে ৷ পৰিয়াল, আত্মীয় আৰু বন্ধুবৰ্গৰ উপস্থিতিত তেখেতৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ল ৷ শ্ৰেয়া ঘোষাল, অল্কা য়াগনিক, অভিজিত, চালিম মাৰ্চেণ্টকে আদি কৰি কেইবাজনো বিশিষ্ট সংগীত শিল্পীয়ে শোকাকুল পৰিৱেশত বিদায় জনালে জনপ্ৰিয় কণ্ঠশিল্পী কে কেক (KK last rites)৷

31 মে’ৰ নিশা কলকাতাৰ নজৰুল মঞ্চত সংগীত পৰিৱেশন কৰি থকাৰ মাজতে অসুস্থ অনুভৱ কৰে কে কেই ৷ তাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ আগতে তেওঁ থকা হোটেলখনলৈ লৈ যোৱা হয় য’ত নিয়ন্ত্ৰণ হেৰুৱাই মাটিত ঢলি পৰে শিল্পীগৰাকী ৷ তাৰ পিছত চিকিৎসালয়ত মৃত ঘোষণা কৰে তেওঁক (KK death reason) ৷

অনুষ্ঠান চলি থকা স্থানৰ পৰা বহুতো ছবি, ভিডিঅ‘ ভাইৰেল হৈছে য’ত কে কেক অস্বস্তিত থকা দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যেই পুলিচে এই অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ কে কে থকা হোটেলখনৰ মালিকপক্ষৰ সৈতেও কথা পতাৰ লগতে লগতে আৰক্ষীয়ে চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে ৷

মুম্বাইৰ ভাৰ্ছোভা শ্মশান ঘাটত সম্পন্ন কৰা হ’ল তেওঁৰ শেষকৃত্য ৷ পুত্ৰ কুন্নাথ নকুলে কৰিলে প্ৰয়োজনীয় সকলো কাম কাজ (KK son name) ৷ কে কেৰ পত্নী জ্যোতিৰ সৈতে আত্মীয় উপস্থিত আছিল শিল্পীজনৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়ত ৷

শ্বান, শংকৰ মহাদেৱন, জাবেদ আখতাৰ সকলোৱে অশ্ৰুসিক্ত নয়েনেৰে বিদায় দিলে জনপ্ৰিয় শিল্পীগৰাকীক ৷

kk last rites
সংগীত শিল্পীয়ে শোকাকুল পৰিৱেশত বিদায় জনালে কে কেক

লগতে পঢ়ক: শৈশৱৰ বান্ধৱীক অৰ্ধাংগিনী বনাইছিল গায়ক কে কেই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.