ETV Bharat / state

অসম আৰক্ষীত যিমানে নিযুক্তি পালে তাৰ সমানেই আলফাতো নিযুক্তি পাইছে: ভূপেন বৰা

author img

By

Published : Jun 2, 2022, 10:33 PM IST

কাৰ্বি ভূমিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ (APCC president Bhupen Bora in Election campaign) ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায় সভাপতিগৰাকীয়ে ৷

KAAC election 2022
ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ডিফু, 2 জুন : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election 2022) দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ তীব্ৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ জিলাখনত বাহৰ পাতি থাকি দলীয় প্ৰাৰ্থী সকলৰ সমৰ্থনত সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে (APCC president Bhupen Bora in Election campaign)।

বিগত দিনকেইটাত ন-মাটি আৰু মহামায়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত আজি লাংফেৰ পৰিষদীয় সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী পূৰ্ণিমা ৰংহাংপীৰ সমৰ্থনত প্ৰচাৰ চলায় (Congress election campaign meeting) । সমষ্টিটোৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত শাসকীয় বিজেপি দলক কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লয় সভাপতিগৰাকীয়ে ।

ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

অসমত এতিয়াও 25 লাখ নিবনুৱা আছে বুলি মন্তব্য কৰি বছৰি এক লাখ নিবনুৱাক চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এবছৰত ৰাজ্যখনৰ মুঠ নিবনুৱাৰ এক শতাংশকহে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সক্ষম হʼল বুলি উল্লেখ কৰে । এনেকৈ হʼলে বৰ্তমানৰ অসমৰ প্ৰতিজন নিবনুৱাক সংস্থাপন দিবলৈ চৰকাৰক কমেও 99 বছৰৰ প্ৰয়োজন হʼব বুলি সভাপতি গৰাকীয়ে কটাক্ষ কৰে ।

মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো চৰমভাৱে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে বৰাই । অসমত আলফালৈ যোৱা যুৱকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰসংগ উল্লেখ কৰিও চৰকাৰক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । অসমত আৰক্ষীত যিমানসংখ্যক যুৱক-যুৱতীয়ে নিযুক্তি পালে, সিমান সংখ্যকেই আলফাত নিযুক্তি পাইছে বুলি সভাপতি বৰাই কয় ।

অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে পৰিগণিত কৰা হʼব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰি অহা দাবী সন্দৰ্ভত নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতিগৰাকীয়ে জিডিপিৰ তালিকাত দেশৰ ভিতৰতে অসমৰ স্থান 17 হোৱাৰ বিপৰীতে দাৰিদ্ৰতাৰ লেখতো দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয় বুলি ক্ষোভ প্ৰকাশ কৰে । সৰুতে পূজাত বেলুনৰ দোকান দিয়া বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া হেলিকপ্টাৰত উঠি ফুৰিব পৰাকৈ লাভ কৰা ধনৰ উৎস কি বুলি প্ৰশ্ন কৰে ভূপেন বৰাই ।

বিদেশী বিতাড়নৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ আমোলত কিমান বিদেশী খেদা হʼল বুলিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে ।

উল্লেখ্যে যে, অহা 8 জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022)৷ ইতিমধ্যে 26 টা পৰিষদীয় সমষ্টিত তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ ৷ দেখা গৈছে যে, পূৰ্বৰ দৰে পৰিষদ দখলৰ পূৰ্ণ প্ৰচেষ্টাৰে প্ৰতিদিনেই কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বাকী দলসমূহেও নিৰ্বাচনী প্ৰচাৰত নামি পৰা দেখা গৈছে ৷ এইবাৰ পৰিষদ কাৰ হাতলৈ যায় সেয়া ফলাফল ঘোষণাৰ পাচতহে জানিব পাৰ যাব যদিও বিজেপিয়ে আটাইকেইটা পৰিষদ দখল কৰাৰ দাবী কৰিছে ৷

লগতে পঢ়ক : যুদ্ধ জয়ৰ আখৰা: কাৰ্বি পাহাৰত আশ্বাসৰ ঢল বোৱাই মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.