ETV Bharat / state

Encounter at Baihata Chariali: আৰক্ষীৰ গুলীচালনাত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বগা

author img

By

Published : Jun 3, 2022, 7:31 AM IST

Updated : Jun 3, 2022, 8:58 AM IST

বাইহাটা চাৰিআলিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা (Encounter at Baihata Chariali) ৷ আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰা এটা ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি কৰা হয় এই গুলিচালনা(Drugs smuggler injured at police encounter) ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ড্ৰাগছ সৰবৰাহকাৰীটো ৷

drugs-smuggler-injured-at-police-encounter-in-baihata-chariali
এনকাউণ্টাৰ : আৰক্ষীৰ গুলীচালনাত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বগা

বাইহাটা চাৰিআলি, 3 জুন: ৰাজ্যত অব্যাহত আছে ইটোৰ পিছত সিটোকৈ এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা (Encounter at Baihata Chariali) ৷ কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত এটা ড্ৰাগছ সৰবৰাহকাৰী ৷

কামৰূপ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ পৰা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া নাজিৰ কাজি ওৰফে বগায়ে ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱাৰ খবৰ লাভ কৰিছিল ৷ ইয়াৰ পিছতে বেজেৰাত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে ড্ৰাগছ সৰবৰাহকাৰী বগাই ৷ আৰক্ষীয়ে ড্ৰাগছ লৈ আহি থকা বগাক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও সৰবৰাহকাৰীটোৱে পলায়নৰ চেষ্টা কৰে ৷ আৰক্ষীয়ে উপায়ন্তৰ হৈ বগাইক ৰুধিবলৈ গুলীচালনা কৰে (Drugs smuggler injured at police encounter) ৷

আৰক্ষীৰ গুলীয়ে বগাৰ ভৰিত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ড্ৰাগছ সৰবৰাহকাৰীটো ৷ এই গুলীয়াগুলী ঘটনাত অসম আৰক্ষীৰ এজন কনিষ্টবলো আঘাতপ্ৰাপ্ত হয় ৷ আহত কনিষ্টবলজনৰ নাম ভূপেন কলিতা ৷ বৰ্তমান কলিতাৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা হৈছে ৷ ঘটনাৰ লগে লগে আৰক্ষীয়ে বগাক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ কাৰণে ভৰ্তি কৰে যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে বগাক ৷

জানিব পৰা মতে বগায়ে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰা অহাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পূৰ্বেও বগাক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল যদিও বিভিন্ন কূটকৌশল কৰি পলাই ফুৰিছিল বগাই ৷

লগতে পঢ়ক : গুলীচালনাত আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল: প্ৰমাণ বিনষ্টৰ চেষ্টাৰে ট্ৰাকত অগ্নিসংযোগ

Last Updated :Jun 3, 2022, 8:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.