ETV Bharat / state

গুলীচালনাত আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল: প্ৰমাণ বিনষ্টৰ চেষ্টাৰে ট্ৰাকত অগ্নিসংযোগ

author img

By

Published : Apr 30, 2022, 9:55 AM IST

drugs-smuggler-injured-at-police-encounter-in-kokrajhar
কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা

কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা(Encounter at Kokrajhar) ৷ আৰক্ষীৰ গুলীত আহত হৈছে মোহনলাল নামৰ এটা ড্ৰাগছ ব্যৱসায়ী(Drugs smuggler injured at police encounter) ৷ ৰাজস্থান অভিমুখী এখন ট্ৰাকৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰৰ পিছতে আৰক্ষীৰ চকুত ধূলি মাৰি ট্ৰাকত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷ এই প্ৰতিবেদনত চাওক ঘটনাৰ সবিশেষ ৷

কোকৰাঝাৰ, 30 এপ্ৰিল : কোকৰাঝাৰত সংঘটিত হৈছে গুলীচালনা(Encounter at Kokrajhar) ৰ ঘটনা ৷ জিলাখনৰ গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা শ্ৰীৰামপুৰ আৰক্ষীয়ে এখন ট্ৰাকত অভিযান চলাই জব্দ কৰে প্ৰায় 85 কিল’গ্ৰাম কানিৰ লগতে 3 কিল’গ্ৰাম নিষিদ্ধ হেৰ’ইন(Opium and heroin seized in Kokrajhar) ৷ ৰাজস্থান অভিমুখী ট্ৰাকখনৰ নম্বৰ হৈছে RJ 14 GT 9213 ৷ ট্ৰাকখনৰ ডিজেলৰ টেংকীত লুকুৱাই অনা ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰে এটা মোহনলাল(35) নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক ৷

drugs-smuggler-injured-in-police-encounter-at-kokrajhar
আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল

আৰক্ষীৰ জেৰাত মোহনলালে এই বিষয়ত জড়িত এজন ব্যক্তি গোঁসাইগাঁৱৰ অন্তৰ্গত দলগাঁৱত থকা বুলি স্বীকাৰ কৰে ৷ সেই অনুসৰি, নিশা প্ৰায় 12.30 মান বজাত আৰক্ষীৰ দলে ড্ৰাগছ ব্যৱসায়ীটোৰ সৈতে তদন্তৰ খাতিৰত দলগাঁৱলৈ যাত্ৰা কৰে ৷

কিন্তু আদবাটতে মোহনলালে আৰক্ষী উপ পৰিদৰ্শক ব্ৰীজেশ কুমাৰৰ হাতত থকা পিষ্টলটো কাঢ়ি শূন্যলৈ দুজাঁইকৈ গুলীচালনা কৰাৰ লগতে পলায়নৰ চেষ্টা চলায় ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীয়ে মোহনলালৰ ভৰিত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত(Drugs smuggler injured at police encounter) হয় ড্ৰাগছ ব্যৱসায়ীটো ৷

drugs-smuggler-injured-in-police-encounter-at-kokrajhar
ট্ৰাকত অগ্নিসংযোগ

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰাথমিক চিকিৎসা দিয়াৰ ব্যৱস্থা কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে এই ঘটনাত জব্দ কৰা ট্ৰাকখন নিশাৰ ভাগত অজ্ঞাত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে ৷ মূলতঃ প্ৰমাণ নষ্ট কৰিবলৈয়ে কোনো দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

কিন্তু এই ঘটনাটোৱে স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে ৷ তদুপৰি এই ঘটনাত জড়িত দুৰ্বৃত্তৰ সন্ধান উলিওৱাৰ লগতে জিলাখনৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰাতো যে আৰক্ষীৰ বাবে তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ হ’ব সেই কথা সহজে অনুমেয় হৈ পৰিছে ৷

লগতে চাওক: Firing in Goalpara: গোৱালপাৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.