ETV Bharat / state

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Dec 24, 2021, 3:03 PM IST

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ
বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ

অসম ৰাজ্যিক চিৰিয়াখানাত মাইকী জিৰাফৰ ৰহস্যজনক মৃত্যু

শুকুৰবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানাত ৰহস্যজনকভাৱে মৃত্যু ঘটিল এটি মাইকী জিৰাফৰ(female Giraffe in Guwahati zoo dead) ৷ নিশা দানা খোৱা স্থানত ফাঁচ লাগি জিৰাফজনীৰ মৃত্যু (Death of the giraffe by hanging)হোৱাৰ ধাৰণা কৰা হৈছে যদিও বৰ্তমান এই কথা অস্বীকাৰ কৰে বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে ৷

Anil Kapoor turns 65 today: 65 বছৰীয়া হ’ল মিষ্টাৰ ইণ্ডিয়া অনিল কাপুৰ

বয়সতকৈ কমেও 20 বছৰ সৰু যেন লগা বলীউডৰ Most Entertaining Actor অনিল কাপুৰে আজি পালন কৰে তেওঁৰ 65 বছৰীয়া জন্মদিন ৷ Forever Young Look এটা কঢ়িয়াই লৈ ফুৰা অনিল কাপুৰৰ চেহেৰাৰ আঁৰৰ ৰহস্য বলীউডত চৰ্চাৰ বিষয় ৷ ‘মিষ্টাৰ ইণ্ডিয়া’ হিচাপে খ্যাত বলীউডৰ জনপ্ৰিয় অভিনেতাজনলৈ ইটিভি চিটাৰাৰ তৰফৰ পৰা 65 বছৰীয়া জন্মদিনৰ অফুৰন্ত শুভকামনা...

Happy Birthday Mohammed Rafi : ভাৰতীয় সংগীতৰ প্ৰাণ স্বৰূপ মহম্মদ ৰফীলৈ জন্মদিনত সোঁৱৰণ

সংগীতৰ জগতখনলৈ অসীম অৱদান আছে এইজনা শিল্পীৰ ৷ তেওঁৰ কণ্ঠৰে নিগৰি অহা সুৰৰ লহৰে সকলোকে আকৰ্ষিত কৰে ৷ নামেই যাৰ পৰিচয়, মহম্মদ ৰফী চাহাব ৷ চিৰসেউজ এই যাদুকৰী কণ্ঠৰ গৰাকীলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা জন্ম-জয়ন্তীৰ শুভেচ্ছা থাকিল...

Drugs Burnt in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

কৰিমগঞ্জত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Karimganj ) ৷ বিগত দুই তিনি বছৰ ধৰি কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী শুকুৰবাৰে জ্বলাই দিয়া হয় (Drugs seized by Karimganj Police) ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতি 2018 চনৰ পৰা জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত জব্দ হোৱা 3 কিলো 126 গ্ৰাম হেৰ’ইন, 1 কোটি 11 লাখ টকাৰ কফ চিৰাপ, 256 টা মদৰ বটল, 172 কেজি গাঞ্জা, 4 কোটি 51 লাখ টকাৰ ইয়াবা টেবলেট জ্বলাই নষ্ট কৰা হয় ৷

Allegation of Sexual Harasment : মাজুলীত সংঘটিত হয় লজ্জাজনক ঘটনা

কোন দিশে গৈছে আজিৰ সামাজিক ব্যৱস্থা ? ক’ৰবাত যদি দিন দুপৰতে নীৰিহ যুৱকক এজাক উন্মাদ জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছে, ক’ৰবাত আকৌ হাতোঁৰাত বন্দী হৈ উন্মাদ হৈছে এজাক মানুহ, আকৌ ক’ৰবাত শালিনতা হানি হৈছে জীয়ৰী-বোৱাৰীৰ ৷ এইবাৰ মানৱ সমাজক লজ্জিত কৰা এনে এক ঘটনাই পুনৰ সংঘটিত হ’ল মাজুলী গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ত ৷

Food Civil Supply Department Operation : চিৰাঙত খাদ্য অসামৰিক যোগান বিভাগৰ অভিযান

এইবাৰ চিৰাঙত চলিল খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান(Food Civil Supply Department Operation at Chirang) ৷ বৃহস্পতিবাৰে খাদ্য-অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা জোখ-মাখ বিভাগে চিৰাঙৰ বিজনী বজাৰৰ বিভিন্ন দোকানসমূহত অভিযান চলায়(Legal Meterology Department operation at Chirang) ৷

মুকালমুৱাৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলা

নলবাৰীৰ মুকালমুৱাৰ লাৰকুছিত সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা(Book and Trade fair at Mukalmua Nalbari) ৷ কুৰুৱাট্টাৰী যুৱক সংঘৰ ৰূপালী জয়ন্তী উপলক্ষে স্থানীয় ডাইমণ্ড উন্নয়ন সমিতিৰ সৌজন্যত ডিচেম্বৰ মাহৰ 20 তাৰিখে এই গ্ৰন্থ আৰু বাণিজ্য মেলাখন অনুষ্ঠিত হয় ৷

Sushmita Sen confirms breakup : সুস্মিতা-ৰোহমাানৰ প্ৰেম কাহিনীৰ যৱনিকা

সঁচা প্ৰমাণিত হ'ল ছ'চিয়েল মিডিয়াৰ উৰাবাতৰি । ৰোহমান শ্বলৰে প্ৰেমৰ সম্পৰ্ক শেষ কৰিলে অভিনেত্ৰী সুস্মিতা সেনে(Sushmita Sen announces breakup with Rohman Shawl) । বৃহস্পতিবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে ব্ৰেকআপৰ কথা ঘোষণা কৰিলে সুস্মিতা সেনে । সুস্মিতাৰ পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰোহমান শ্বলে ।

Phulbari massacre incident : ফুলবাৰী-সোণাজুলি গণহত্যাৰ ৭ বছৰ; নিহত স্মৰণ

২০১৪ চনৰ ২৩ ডিচেম্বৰ, এটা অভিশপ্ত দিন । এই দিনটোতে বিশ্বনাথৰ ফুলবাৰী-সোণাজুলিত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৩০ জন নিৰীহ লোকে(Phulbari massacre victims remembered in Biswanath) । ফুলবাৰী-সোণাজুলিৰ গণহত্যাই কঁপাই তুলিছিল প্ৰতিজন অসমীয়াৰ বুকু ।

এইবাৰ মাখিয়ে লটি-ঘটি কৰিছে ডিব্ৰুগড়ৰ এটা অঞ্চলত

মাখিৰ বাবে বিপাঙত পৰিছে এটা অঞ্চৰ ৰাইজ ৷ খোৱা-শোৱা সকলোতে অশান্তিৰ সৃষ্টি কৰিছে মাখিয়ে ৷ উপায়হীন হৈ পৰিছে এইসকল লোক ৷ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছে মাখিৰ পৰা পৰিত্ৰাণ পোৱাত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.