ETV Bharat / state

এইবাৰ মাখিয়ে লটি-ঘটি কৰিছে ডিব্ৰুগড়ৰ এটা অঞ্চলত

author img

By

Published : Dec 24, 2021, 2:11 PM IST

মাখিৰ বাবে বিপাঙত পৰিছে এটা অঞ্চৰ ৰাইজ ৷ খোৱা-শোৱা সকলোতে অশান্তিৰ সৃষ্টি কৰিছে মাখিয়ে ৷ উপায়হীন হৈ পৰিছে এইসকল লোক ৷ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছে মাখিৰ পৰা পৰিত্ৰাণ পোৱাত ৷

মাখিৰ সন্ত্ৰাসত ভুগিছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ জনসাধাৰণে
মাখিৰ সন্ত্ৰাসত ভুগিছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ জনসাধাৰণে

মৰাণ, 24 ডিচেম্বৰ : হিন্দী ছবিৰ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ এটা বিখ্যাত সংলাপ, ‘‘एक मच्छर आदमी को ... बाना देता है’’ ৷ মহৰ বাবে কি কি যে সমস্যা নহয় ৷ ভালদৰে বহিব নোৱাৰি, শুব নোৱাৰি কুণ কুণ কৰিলেই শান্তি ভংগ ৷ তাৰোপৰি মহৰ কামোৰত বিয়পা বেমাৰবোৰতো আছেই ৷ হঠাৎ বাৰু মহৰ কথা কিয় ক’লো ? নাই নাই ক’তো মহে একো অশান্তি কৰা নাই ৷ মাখিয়েহে কৰিছে লটি-ঘটি ৷

মাখিৰ বাবে এতিয়া দিনে-নিশাই বিলাই নোহোৱা হৈছে ডিব্ৰুগড়ৰ লেকাই, ঠাকুৰথান আৰু চেঁচা অঞ্চলৰ নিবাসী সকলৰ ৷ উঃ কিমান আৰু মাখি মাৰিব, উপায় নোহোৱা হৈছে এই মাখিবোৰৰ পৰা ৷ খাওঁতে-বহোঁতে কেৱল মাখি আৰু মাখি ৷ কাষ নেৰেই কোনো ৰকমে ৷ মাছ-মাংস, মিঠাই, ফল-মূল একো কিনিব পৰা নাই ৷ সকলোতে কেৱল মাখিয়েই মাখি ৷ মাখিৰ বাবে এতিয়া আঁঠুৱাৰ তলত খাদ্যগ্ৰহণ কৰিবলগা হৈছে এই লোকসকলে ৷ ইমান মাখি বাৰু কিয় হৈছে এই অঞ্চলটোত ?

এইবাৰ মাখিয়ে লটি-ঘটি কৰিছে ডিব্ৰুগড়ৰ এটা অঞ্চলত

ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা বহুমুখী জাবৰ নিষ্কাশন প্ৰকল্পটো(Garbage Disposal Project in Dibrugarh) হৈছে ইয়াৰ কাৰণ ৷ বৃহৎ বৃহৎ জাৱৰ দমত উৎপন্ন জাক জাক ভেনা মাখিয়ে এতিয়া অঞ্চলটোৰ ৰাইজক ব্যতিবস্ত কৰি তুলিছে ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ পৰা দৈনিক ওলোৱা জাৱৰ নিষ্কাশন(Garbage Disposal in Dibrugarh)ৰ বাবে ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা হয় এই প্ৰকল্পটো । প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতে প্ৰকল্পটোত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ পৰিণতিতে জাৱৰৰ দম(Steam of the garbage)ৰ পৰা উৎপন্ন হৈছে এই জাক জাক মাখি । জাৱৰৰ পৰা যাতে কোনো বীজাণু, পোক-পৰুৱা, মাখি আদিৰ সংখ্যা বৃদ্ধি নাপায় তাৰ বাবে কীটনাশক দ্ৰব্য ব্যৱহাৰ(Use of pesticides) কৰিব লাগে ৷

কিন্তু সেয়া নকৰাৰ পৰিণতিত এতিয়া মাখিয়ে ছানি ধৰিছে বিস্তৃত অঞ্চলটো । যাৰ ফলত অঞ্চলটোৰ লোকসকলে খাদ্য গ্ৰহণ কৰে আঁঠুৱাৰ তলত । দিনতে দুৱাৰ খিৰিকি বন্ধ কৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় অঞ্চলবাসী ।

বৰ্তমান স্থানীয় ৰাইজে প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মাখিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনাইছে লোকসকলে ৷ অন্যথা প্ৰকল্পটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : পূতিগন্ধময় পৰিবেশৰ মাজত গোলাঘাটৰ এখন বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.