Allegation of Sexual Harasment : মাজুলীত সংঘটিত হয় লজ্জাজনক ঘটনা

By

Published : Dec 24, 2021, 2:30 PM IST

thumbnail

কোন দিশে গৈছে আজিৰ সামাজিক ব্যৱস্থা ? ক’ৰবাত যদি দিন দুপৰতে নীৰিহ যুৱকক এজাক উন্মাদ জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছে, ক’ৰবাত আকৌ হাতোঁৰাত বন্দী হৈ উন্মাদ হৈছে এজাক মানুহ, আকৌ ক’ৰবাত শালিনতা হানি হৈছে জীয়ৰী-বোৱাৰীৰ ৷ এইবাৰ মানৱ সমাজক লজ্জিত কৰা এনে এক ঘটনাই পুনৰ সংঘটিত হ’ল মাজুলী গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ত ৷ দিন দুপৰতে এজন অচিনাক্ত যুৱকে চিকিৎসালয়খনৰ চিটি স্কেনত কৰ্মৰত এগৰাকী মহিলা চিকিৎসাকৰ্মীক শালিনতা হানিৰ চেষ্টা চলায়( Allegation of Sexual Harasment against youth in Majuli) ৷ জানিব পৰা মতে মহিলাগৰাকীৰ মুখত খোপা মাৰি ধৰি ধৰ্ষণৰ চেষ্টাও চলাই যুৱকজনে ৷ ঘটনা সংঘটিত হোৱাৰ সময়তে মহিলাগৰাকীৰ চিঞৰ শুনি চিকিৎসালয়খনৰ আন দুগৰাকী চাফাই কৰ্মী উপস্থিত হোৱাত তেওঁলোকৰ তৎপৰতাত ৰক্ষা পৰে এই মহিলা গৰাকী । পৰৱৰ্তী সময়ত ঘটনাস্থলীত গড়মূৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰিবলৈ যোৱাৰ সময়তে গড়মূৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৰাকীলৈ চোঁচা লয় যুৱক জনে । লগতে পলাবলৈ চেষ্টা কৰোঁতে ৰাস্তাত গৈ থকা দুজন লোকক বাঁহৰে মৰিয়াই আহত কৰে ৷ ইয়াৰপাচতে আৰক্ষীয়ে যুৱকজনক আটক কৰে । ইফালে, এই জঘন্য ঘটনাটোক কেন্দ্ৰ কৰি মাজুলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.