ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 14, 2021, 3:00 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

শনিবাৰে মণিপুৰত আছাম ৰাইফলছ(Assam Rifles)ৰ জোৱান তথা পৰিয়ালৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাই শোকস্তব্ধ কৰি তোলে সকলোকে ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত সংঘটিত আক্ৰমণৰ ঘটনাত নিহত হৈছিল প্ৰায় 7 গৰাকীকৈ লোক, য’ত এটি 8 বছৰীয়া শিশুও আছে ৷ উক্ত আক্ৰমণৰ ঘটনাত শ্বহীদ হৈছে অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী ৷

অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

জনসাধাৰণৰ স্বাৰ্থত আলফা (স্বাধীন) এ ঘোষণা কৰিছে অস্ত্ৰ বিৰতি ৷ দেওবাৰে এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে প্ৰকাশ কৰিছে এই কথা ৷

বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

বৰ্তমান ৰাজ্যত লাহে লাহে হ্ৰাস পাই আহিছে কৃষিভূমি ৷ বিগত চাৰি বছৰত সৰ্বাধিক কৃষিভূমি সংকুচিত হৈছে লখিমপুৰ জিলাত । চৰকাৰী তথ্য অনুসৰি বৰ্তমান মুঠ কৃষিভূমিৰ পৰিমাণ 27, 73,855 হেক্টৰ ৷

Cattle sumggling : বাহনৰ গোপন কোঠাৰ পৰা উদ্ধাৰ 23 টাকৈ পশুধন

ৰাজ্যত আজিও অব্যাহত পশুধনৰ সৰবৰাহ(Cattle sumggling) ৷ মাথো সলনি হৈছে সৰবৰাহৰ কৌশল ৷ শেহতীয়াকৈ আৰক্ষীৰ চকুত ধূলি মাৰি 23 টাকৈ গৰু সৰবৰাহৰ বাবে আহি থকা এখন বাহন জব্দ কৰে চাংসাৰী আৰক্ষী(Changsari Police)য়ে ৷

দেশবাসীৰ সন্মুখত ত্ৰিপুৰাক কলংকিত কৰা হৈছে : Jishnu Dev Verma

সামাজিক মাধ্যমত প্ৰচাৰিত ত্ৰিপুৰাৰ ধৰ্মীয় হিংসাৰ বাতৰিয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশাসন আৰু চৰকাৰে এই ঘটনা সম্পূৰ্ণ মিছা বুলি প্ৰমাণ দিয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই (Jishnu Dev Verma)। ত্ৰিপুৰাৰ গৌৰৱময় ইতিহাস ম্লান নেপেলাবলৈ ভুৱা বাতৰি প্ৰচাৰ কৰা সকলক সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Mamoni Raisom Goswami : ওপজা দিনত প্ৰয়াত সাহিত্যিকগৰাকীক স্মৰণ

“I try to write from the direct experiences of my life. I only mould these experiences with my imagination.” প্ৰতিখন উপন্যাসতেই জীয়া ঘটনা পৰিস্ফুট কৰা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত সাহিত্যিক ড৹ মামণি ৰয়ছম গোস্বামী(Mamoni Raisom Goswami)ৰ আজি ওপজা দিন ৷ ওপজা দিনত সমূহ অসমবাসীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠু মামণি বাইদেউক ৷

ত্ৰিপুৰাত প্ৰচাৰিত Fake news সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ বিবৃতি

ত্ৰিপুৰাত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে একাংশ লোকে সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰি থকা সময়তে গৃহ মন্ত্ৰালয়ে বিবৃতি প্ৰকাশ কৰিছে । মন্ত্ৰালয়ৰ মতে ৰাজ্যখনৰ কোনো স্থানত মছজিদ ধ্বংস হোৱা নাই । সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান গৃহ মন্ত্ৰালয়ৰ ।

নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে

মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাত মাওবাদী বিৰোধী অভিযানৰ মাজতে আৰক্ষীৰ হাতত নিহত শীৰ্ষ মাওবাদী নেতা মিলিন্দ তেলটুম্বডে । যোৱা ৩০ বছৰ ধৰি মাওবাদী আন্দোলনত সক্ৰিয় হৈ আছিল মিলিন্দ তেলটুম্বডে ।

Corruption ! নিৰ্মাণ কাৰ্যৰ পৰা বঞ্চিত থলুৱা শ্ৰমিক

চৰাইদেউ চিকিৎসা মহাবিদ্যালয়(Charaideo Medical College)ৰ নিৰ্মাণ কাৰ্যত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । নিৰ্মাণ কাৰ্যত নিয়োজিত স্থানীয় শ্ৰমিকসকলক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰিছে ঠিকাদাৰে ৷ নিজ প্ৰাপ্য ধন বিচৰাত তেওঁলোকক কামৰ পৰা উলিয়াই দিয়া বুলিও অভিযোগ তুলিছে থলুৱা শ্ৰমিকসকলে ৷

Southern Zonal Councilৰ বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

দেওবাৰে তিৰুপতিত অনুষ্ঠিত হ'ব ২৯ সংখ্যক দক্ষিণ আঞ্চলিক পৰিষদ (Southern Zonal Council)ৰ বৈঠকত । য'ত পৰিষদৰ অন্তৰ্গত ৰাজ্যসমূহৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব । কেন্দ্ৰীয় চৰকাৰৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলেও ভাগ ল'ব এই বৈঠকত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.