ETV Bharat / state

Mamoni Raisom Goswami : ওপজা দিনত প্ৰয়াত সাহিত্যিকগৰাকীক স্মৰণ

author img

By

Published : Nov 14, 2021, 12:41 PM IST

“I try to write from the direct experiences of my life. I only mould these experiences with my imagination.” প্ৰতিখন উপন্যাসতেই জীয়া ঘটনা পৰিস্ফুট কৰা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত সাহিত্যিক ড৹ মামণি ৰয়ছম গোস্বামী(Mamoni Raisom Goswami)ৰ আজি ওপজা দিন ৷ ওপজা দিনত সমূহ অসমবাসীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠু মামণি বাইদেউক ৷

mamoni raisom goswami  birthday
মামণি ৰয়ছম গোস্বামীৰ জন্মদিন

নিউজ ডেস্ক, 14 নৱেম্বৰ : অসমৰ অন্যতম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত সাহিত্যিক ড৹ মামণি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami)ৰ আজি জন্মবাৰ্ষিকী ৷ প্ৰকৃত নাম ইন্দিৰা গোস্বামী আছিল যদিও ‘মামণি বাইদেউ’ হিচাপে অসমীয়া সাহিত্য(Assamese Literature) জগতখনত পৰিচয় লাভ কৰিছিল সাহিত্যিকগৰাকীয়ে ৷

মাতৃভাষা অসমীয়াৰ বাহিৰেও তেওঁ ইংৰাজী ভাষা-সাহিত্যতো অৱদান আগবঢ়াই থৈ গৈছে ৷ ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড৹ মামণি ৰয়ছম গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকাস্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল ।

mamoni raisom goswami
মামণি ৰয়ছম গোস্বামী

গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ড৹ গোস্বামীৰ সৃষ্টিৰাজীৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে- অহিৰণ, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, চেনাবৰ স্ৰোত, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, উদয়ভানুৰ চৰিত্ৰ, সংস্কাৰ আদি ।

1982 চনত সাহিত্য অকাডেমি বঁটা আৰু 2000 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে । ইয়াৰোপৰি 2008 চনত ভাৰতৰ প্ৰথম ‘Principal Prince Claus Laureate’ সন্মান লাভ কৰিছিল ড৹ মামণি ৰয়ছম গোস্বামীয়ে ৷ 1942 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বিশিষ্ট লেখিকাই ।

adha lekha dastavej
আধা লেখা দস্তাবেজ

1962 চনত তেওঁ হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ অভিযন্তা হিচাপে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ অহা মাধৱেন ৰয়ছম আয়েংগাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু এক পথ দুৰ্ঘটনাত অকাল বিয়োগ ঘটা স্বামী মাধৱেনৰ শোকে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত আৰু সাহিত্যিক জীৱনত ৷

1988 চনত প্ৰকাশ পোৱা আত্মজীৱনী আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে, হতাশাত আত্মহত্যাৰ কথাও মনলৈ আহিছিল মামণি ৰয়ছমৰ ৷ তেওঁ নিজকে সান্ত্বনা দিবলৈ সেই সময়ত তেওঁৰ হাতত শৈশৱৰ স্মৃতি আৰু পিতৃৰ চিঠিৰ বাহিৰে অন্য একো সমল নাছিল । পৰৱৰ্তী সময়ত তেওঁ অন্যতম জনপ্ৰিয় উপন্যাস ‘নীলকণ্ঠী ব্ৰজ’ ৰচনা কৰি উলিয়াইছিল ।

mamore dhara tarowal
মামৰে ধৰা তৰোৱাল

মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত তেখেতৰ জীৱনৰ প্ৰভাৱ স্পষ্টৰূপে প্ৰতিফলিত হৈছে । অসমীয়াৰ উপৰিও ইংৰাজী ভাষাত অনেক নান্দনিক আৰু গৱেষণামূলক সৃষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে এইগৰাকী প্ৰতিভাৱান লেখিকাই ৷

তেওঁৰ সাহিত্য-কৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেওঁৰ প্ৰকাশভংগী কিন্তু অত্যন্ত সংবেদনশীল । সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীৱন্ত ৰূপত লিখনিত ফুটাই তোলা মামণি ৰয়ছম গোস্বামী এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা । তেওঁৰ লিখনি ইমানেই গাঢ় যে, তেওঁ কলম আৰু কাগজেৰে মানুহৰ কাৰ্যকলাপ, জীৱনধাৰা, শাৰীৰিক অস্তিত্ব, বয়স, দৰিদ্ৰতা, সংঘাত আদি স্পষ্টভাৱে পৰিস্ফুট কৰি তুলিছে ৷

প্ৰায় 8 টা মাহ হৃদৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আছিল বিশিষ্ট লেখিকাগৰাকী ৷ অৱশেষত 2011 চনৰ 29 নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ত শেষ নিশ্বাস ত্যাগ কৰে মামণি ৰয়ছম গোস্বামীয়ে ৷ প্ৰতিখন উপন্যাসতেই জীয়া ঘটনা পৰিস্ফুট কৰা মামণি বাইদেউ অসমবাসীৰ মাজত সদায় ভোটাতৰা হিচাপে জিলিকি থাকিব ৷

লগতে পঢ়ক : অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.