ETV Bharat / bharat

ত্ৰিপুৰাত প্ৰচাৰিত Fake news সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ বিবৃতি

author img

By

Published : Nov 14, 2021, 2:00 PM IST

MHA
ত্ৰিপুৰাত প্ৰচাৰিত Fake news সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ বিবৃতি

ত্ৰিপুৰাত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে একাংশ লোকে সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰি থকা সময়তে গৃহ মন্ত্ৰালয়ে বিবৃতি প্ৰকাশ কৰিছে । মন্ত্ৰালয়ৰ মতে ৰাজ্যখনৰ কোনো স্থানত মছজিদ ধ্বংস হোৱা নাই । সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান গৃহ মন্ত্ৰালয়ৰ ।

আগৰতলা, ১৪ নৱেম্বৰ : শেহতীয়াকৈ ত্ৰিপুৰাত কিছুমান উৰা বাতৰি (fake news) প্ৰচাৰ হৈ আছে । ৰাজ্যখনত সাম্প্ৰদায়িক অশান্তি সৃষ্টিৰ বাবে একাংশ লোকে সামাজিক মাধ্যমত ভুৱা তথ্য প্ৰচাৰ কৰা দেখা গৈছে । যাৰ বাবে ৰাজ্যখনৰ চৰকাৰ আৰু প্ৰশাসনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । বিশেষকৈ গোমতী জিলাৰ এটা মছজিদত আক্ৰমণ হোৱাৰ এক খবৰে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

কিন্তু এই ঘটনা ভুৱা বুলি দাবী কৰি আহিছে প্ৰশাসনে । এইবাৰ এই বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দিলে গৃহ মন্ত্ৰালয়ে (Ministry of Home Affairs) । গৃহ মন্ত্ৰালয়ে দাবী কৰা মতে শেহতীয়াকৈ ত্ৰিপুৰাৰ কোনো মছজিদত আক্ৰমণ হোৱাৰ খবৰ পোৱা হোৱা নাই ।

এক বিবৃতিত গৃহ মন্ত্ৰালয়ে কয় যে, ত্ৰিপুৰাৰ গোমতী জিলাৰ কাক্ৰাবান অঞ্চলৰ এটা মছজিদ ক্ষতিগ্ৰস্ত আৰু ভাঙি দিয়াৰ বাতৰি প্ৰচাৰ হৈ আহিছে । এই বাতৰিবোৰ ভুৱা আৰু তথ্যৰ সম্পূৰ্ণ ভুল উপস্থাপন কৰা হৈছে । কাক্ৰাবানৰ দৰগাবজাৰ অঞ্চলৰ মছজিদটোৰ কোনো ক্ষতিগ্ৰস্ত হোৱা নাই আৰু গোমতী জিলাৰ ত্ৰিপুৰা আৰক্ষীয়ে শান্তি বজাই ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

সামাজিক মাধ্যমত (Social media) বিয়পি পৰা খবৰ অনুসৰি মছজিদৰ ক্ষতি হোৱা নাই লগতে কোনো লোক আঘাতপ্ৰাপ্তও হোৱা নাই । সেয়ে ৰাইজে এনে ভুৱা প্ৰতিবেদনৰ দ্বাৰা বিচলিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব লাগে বুলি বিবৃতিত উল্লেখ কৰে গৃহ মন্ত্ৰালয়ে । ত্ৰিপুৰাৰ এনে ভুৱা বাতৰিৰ পাছতে মহাৰাষ্ট্ৰতো কিছুমান হিংসা (violence) আৰু প্ৰৰোচনামূলক মন্তব্য (Provocative comments) কৰা বাতৰি পোৱা গৈছে । সেয়ে সকলো শান্তি বজাই ৰাখিবলৈ আহ্বান গৃহ মন্ত্ৰালয়ৰ ।

লগতে পঢ়ক :দিল্লীত পুনৰ Lockdownৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ:কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.