ETV Bharat / state

অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

author img

By

Published : Nov 14, 2021, 1:10 PM IST

arms-at-stake-by-ulfa-for-next-three-months
নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) ৰ অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি

জনসাধাৰণৰ স্বাৰ্থত আলফা (স্বাধীন) এ ঘোষণা কৰিছে অস্ত্ৰ বিৰতি ৷ দেওবাৰে এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে প্ৰকাশ কৰিছে এই কথা ৷

নিউজ ডেস্ক, 14 নৱেম্বৰ : ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ ম্যাদ বৃদ্ধি কৰিছে অস্ত্ৰ বিৰতিৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ সম্প্ৰতি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ তৎপৰতাত অধিকাংশ আত্মসমৰ্পণকাৰী দলে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ পৰেশ বৰুৱা (Paresh Baruah) নেতৃত্বাধীন ULFA(I)ও শান্তি চুক্তিৰ বাবে এক প্ৰকাৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰে আলোচনা প্ৰক্ৰিয়া আগবঢ়োৱাৰ স্বাৰ্থত অলপতে ৰাজধানী নতুন দিল্লীলৈ গৈছিল খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

এনেবোৰৰ মাজতে দেওবাৰে সংগঠনটোৱে অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধিৰ কথা ঘোষণা কৰে ৷ সংগঠনটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি, " সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনে যোৱা 14 মে’ 2021 তাৰিখৰ পৰা বাহাল ৰখা একপক্ষ অস্ত্ৰ বিৰতিৰ ম্যাদ অসমৰ জনসাধাৰণৰ খাতিৰত আজিৰ পৰা বলবৎ হোৱাকৈ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰা হৈছে ৷ উক্ত সময়চোৱাত "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনে সকলো ধৰণৰ সামৰিক কাৰ্যকলাপৰ পৰা বিৰত থাকিব ৷

লগতে চাওক : যুৱতীয়ে আলফাত যোগদান দিয়া সন্দৰ্ভত কি ক’লে সমুজ্জল ভট্টাচাৰ্যই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.