ETV Bharat / state

যুৱতীয়ে আলফাত যোগদান দিয়া সন্দৰ্ভত কি ক’লে সমুজ্জল ভট্টাচাৰ্যই ?

author img

By

Published : Nov 13, 2021, 8:55 PM IST

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিবেশনত অন্তিম দিনা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যকে কেন্দ্ৰ কৰি আন আন কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে । ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতী আলফা স্বাধীনত যোগ দিয়া প্ৰসঙ্গ উত্থাপন মুকলি সভাত ৷

lakhimpur-district-aasu-conference
যুৱতীয়ে আলফাত যোগদান দিয়া সন্দৰ্ভত কি ক’লে সমুজ্জল ভট্টাচাৰ্যই ?

বিহপুৰীয়া, 13 নৱেম্বৰ : বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ অধিৱেশনখনিৰ অন্ত পৰিব শনিবাৰে । হাৰমতী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাৰমতীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিবেশনৰ অন্তিম দিনা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজল কুমাৰ ভট্টাচাৰ্যকে কেন্দ্ৰ কৰি আন আন কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে ।

অনুষ্ঠানত উপস্থিত হৈয়ে মূখ্য উপদেষ্টা গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিভিন্ন সময়ত ছাত্ৰ সন্থাই চৰকাৰক অসমৰ জ্বলন্ত সমস্যা সমূ্হ সমাধানৰ হেতু দাবী জনাই অহাৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমস্যা সমূহৰ সমাধানৰ কাৰণে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ শেহতীয়াকৈ ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতী আলফা স্বাধীনত যোগ দিয়া প্ৰসঙ্গতো মত ব্যক্ত কৰি অভিভাৱক সদৃশ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আলোচনাৰ যোগেদি এক স্থায়ী সমাধান কৰিবলৈ দাবী জনায় ।

যুৱতীয়ে আলফাত যোগদান দিয়া সন্দৰ্ভত কি ক’লে সমুজ্জল ভট্টাচাৰ্যই ?

অধিৱেশনৰ মুকলি সভাত ছাত্ৰ সন্থাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে । উল্লেখযোগ্য যে, নিশাৰ ভাগলৈ অনুষ্ঠিত হব লগা সা‌ংস্কৃতিক সন্ধিয়াত অংশ লব যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰুব জুবিন গাৰ্গে । ইফালে, অধিৱেশনৰ সমান্তৰালকৈ অধিৱেশনস্থলীত গ্ৰন্থ মেলা আৰু বাণিজ্য মেলাও অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.