ETV Bharat / bharat

উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

author img

By

Published : Nov 13, 2021, 10:10 AM IST

কৰ’ণা মাহমাৰীৰ বাবে দেশত বন্ধ আছিল কেইবাখনো ৰে’লৰ চলাচল ৷ কিন্তু সম্প্ৰতি ক’ভিডৰ ভয়াৱহতা কিছু শাম কটা বাবে ৰে’ল বিভাগে বিশেষ ৰে’লসমূহ আঁতৰাই 1,700 খন ৰে’লৰ চলাচল পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Special Trains to be Withdrawn, Normal Fare Soon says Ashwini Vaishnaw
উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

নেশ্যনেল ডেস্ক, 13 নৱেম্বৰ : যাত্ৰীসকললৈ ডাঙৰ সকাহ ভাৰতীয় ৰে’লৱেৰ ৷ ভাড়া বৃদ্ধিক লৈ যাত্ৰীসকলৰ পৰা চাপৰ সন্মুখীন হোৱাৰ পিছত ৰে’ল বিভাগে মেল আৰু এক্সপ্ৰেছ ৰে’লসমূহৰ বাবে বিশেষ টেগ আঁতৰোৱাৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগতে ৰে’ল বিভাগে কৰ’ণা মহামাৰীৰ পূৰ্বৰ ভাড়াকে অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰে ৷

যেতিয়াৰ পৰা লকডাউনত শিথিলতা আৰোপ কৰা হৈছিল তেতিয়াৰ পৰা ৰে’ল বিভাগে কেৱল বিশেষ ৰে’লসমূহহে চলাচলৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰ আৰম্ভণি দীঘলীয়া যাত্ৰাৰ ৰে’লসমূহৰ পৰা হৈছিল ৷ ওচৰৰ যাত্ৰাৰ বাবে বেছি ভাড়াযুক্ত বিশেষ ৰে’লসমূহক খোলা দিয়া হৈছিল ৷

Special Trains to be Withdrawn, Normal Fare Soon says Ashwini Vaishnaw
ৰে’লৱেৰ নিৰ্দেশনা পত্ৰ

ৰে’লৱে বোৰ্ডে শুকুৰবাৰে মাণ্ডলিক ৰে’লৱে বিষয়াক লিখা পত্ৰত উল্লেখ আছিল যে, এতিয়াৰে পৰা ৰে’লসমূহ নিয়মিত নম্বৰৰ দ্বাৰা পৰিচালিত কৰা হ’ব আৰু ভাড়া ক’ভিডৰ পূৰ্বৰ দৰে বাহাল থাকিব ৷

অৱশ্যে এই নিৰ্দেশনাত এই কথা উল্লেখ কৰা হোৱা নাই যে মাণ্ডলিক ৰে’লৱেই ক’ভিডৰ পূৰ্বৰ তেওঁলোকৰ সেৱাসমূহ কেতিয়াৰ পৰা পুনৰ আৰম্ভ কৰিব লাগিব ৷ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি আগন্তুক কিছু দিনত 1,700তকৈ অধিক ৰে’লৰ চলাচল পুনৰ আৰম্ভ কৰা হ’ব ৷ ৰে’লৰ নম্বৰৰ প্ৰথম সংখ্যাটো ‘শূণ্য’ নহ’ব যি বিশেষ ৰে’ল ক্ষেত্ৰত আছিল ৷

বিশেষ ৰে'লৰ পৰিচালনা আৰু ভাড়া তৎপৰ নোহোৱাৰ বাবে ৰে'লৱেৰ ৰাজহ যথেষ্ট বৃদ্ধি পাইছে । ৰে'লৱেই যাত্ৰীৰ সামগ্ৰীৰ পৰা 2021-2022 চনৰ দ্বিতীয় তিনিমাহত প্ৰথম তিনিমাহৰ তুলনাত 11.3% বৃদ্ধি পঞ্জীয়ণ কৰিছে ।

ৰে’লৱেৰ আদেশত এই কথাও উল্লেখ কৰা হৈছে যে সকলো ৰে’লতে কৰ’ণাৰে জড়িত সকলো নীতি-নিৰ্দশনা পালন কৰা হ’ব ৷ ইয়াৰ উপৰিও আগতিয়াকৈ বুক কৰা টিকটৰ ক্ষেত্ৰত ৰে’লৱেৰ তৰফৰ পৰা কোনো অতিৰিক্ত ভাড়া গ্ৰহণ কৰা নহয় লগতে টকা ওভটাই দিয়া নহয় ৷

লগতে পঢ়ক : DU PG Admission: 17 নৱেম্বৰত প্ৰকাশ পাব নামভৰ্তিৰ প্ৰথমখন Merit List

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.