ETV Bharat / state

Corruption ! নিৰ্মাণ কাৰ্যৰ পৰা বঞ্চিত থলুৱা শ্ৰমিক

author img

By

Published : Nov 14, 2021, 1:57 PM IST

চৰাইদেউ চিকিৎসা মহাবিদ্যালয়(Charaideo Medical College)ৰ নিৰ্মাণ কাৰ্যত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । নিৰ্মাণ কাৰ্যত নিয়োজিত স্থানীয় শ্ৰমিকসকলক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰিছে ঠিকাদাৰে ৷ নিজ প্ৰাপ্য ধন বিচৰাত তেওঁলোকক কামৰ পৰা উলিয়াই দিয়া বুলিও অভিযোগ তুলিছে থলুৱা শ্ৰমিকসকলে ৷

corruption in the construction of charaideo medical college
চৰাইদেউ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত দুৰ্নীতি

মৰাণ, 14 নৱেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মাণৰত চৰাইদেউ চিকিৎসা মহাবিদ্যালয়(Charaideo Medical College)ৰ নিৰ্মাণ কাৰ্যত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । নিৰ্মাণ কাৰ্যত নিয়োজিত স্থানীয় শ্ৰমিকসকলে কাম কৰাৰ পাচতো তেওঁলোকক প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰিছে ঠিকাদাৰজনে ৷

চৰাইদেউ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত দুৰ্নীতি

দুটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ ঠিকাদাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বঞ্চিত শ্ৰমিকসকলে ৷ AB Enterpriseৰ ঠিকাদাৰ প্ৰাঞ্জল বৰুৱা, জে.পি যাদৱ আৰু BRC Group of Companiesৰ ঠিকাদাৰ কমল দত্তৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ।

ভুক্তভোগী স্থানীয় শ্ৰমিকে সদৰী কৰা মতে, দুয়োটা কোম্পানীৰ ঠিকাদাৰৰ পৰাই বিগত দুটা মাহে তেওঁলোকে লাভ কৰা নাই প্ৰাপ্য ধন । পাৰিশ্ৰমিকৰ লগতে সাপ্তাহিক ৰেচনৰ ধনো শ্ৰমিকক নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ কেইজনৰ বিৰুদ্ধে । আনহাতে, নিজ প্ৰাপ্য ধন বিচৰাত শ্ৰমিকসকলক কামৰ পৰা উলিয়াই দিয়াৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠান দুটাই বহিঃৰাজ্যৰ শ্ৰমিকক কামত নিয়োগ কৰে ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰিছে স্থানীয় শ্ৰমিকসকল । দুয়োটা কোম্পানীৰ পৰা দুই মাহতকৈও অধিক দিনৰ পাৰিশ্ৰমিক পাবলৈ বাকী আছে বুলি অভিযোগ তুলিছে থলুৱা শ্ৰমিকসকলে ৷

লগতে পঢ়ক : প্ৰহসনত পৰিণত হৈছে নেকি আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.