ETV Bharat / state

প্ৰহসনত পৰিণত হৈছে নেকি আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম ?

author img

By

Published : Nov 13, 2021, 10:36 PM IST

আধাৰ কাৰ্ডৰ নামত চলিছে লুণ্ঠন ৷ এবছৰ ধৰি আধাৰ কেন্দ্ৰৰ অপাৰেটৰে পোৱা নাই কামৰ বিনিময়ত ধন ৷

corruption-in-aadhaar-enrolment-system
প্ৰহসনত পৰিণত হৈছে নেকি আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম ?

গুৱাহাটী, ১৩ নৱেম্বৰ : আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ দায়িত্বত থকা অপাৰেটৰসকলক দীৰ্ঘদিন ধৰি তেওঁলোকৰ কামৰ ধন চৰকাৰে মোকলাই নিদিয়াৰ বাবে অপাৰেটৰসকল আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে । বিশেষকৈ কামৰূপ মহানগৰ জিলাত কৰ্মৰত ২০০ তকৈ অধিক আধাৰ কাৰ্ডৰ অপাৰেটৰসকলক যোৱা এবছৰ ধৰি এক টকাও মোকলাই দিয়া নাই । যাৰ বাবে সম্প্ৰতি আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম প্ৰহসনত পৰিণত হৈছে।

গুৱাহাটীৰ ধাৰাপুৰৰ আধাৰ কেন্দ্ৰৰ অপাৰেটৰ বিতোপন শৰ্মাই কয় যে, তেওঁ যোৱা নৱেম্বৰৰ পৰা আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবদ চৰকাৰৰ পৰা এক টকাও পোৱা নাই। তাৰ বাবে তেওঁ যথেষ্ট আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে। তেওঁ কয়, আধাৰ কামৰ ঠিকা পোৱা ভেণ্ডৰসকলে আনকি আধাৰ কাৰ্ড বনোৱাৰ বাবে কাগজৰ পৰা আৰম্ভ কৰি অনন্য খৰছ যোৱা এবছৰ ধৰি দিয়া নাই ।

প্ৰহসনত পৰিণত হৈছে নেকি আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম ?

যোৱা এবছৰ ধৰি আধাৰ কাৰ্ড প্ৰস্তুতৰ কামৰ টকা নোপোৱা গুৱাহাটীৰ আজাৰাৰ আধাৰ কেন্দ্ৰৰ অপাৰেটৰ মুস্তাফৰ ৰহমানে কয়- ভেণ্ডৰসকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । নিজৰ পকেটৰ ধনেৰে কাম চলাই আছো । গুৱাহাটীৰ কাহিকুছিৰ আধাৰ কেন্দ্ৰৰ অপাৰেটৰ বিশ্বজিৎ নাথে কয়- ''এই ক্ষেত্ৰত ভেণ্ডৰক বহুবাৰ অভিযোগ কৰিছো যদিও মহানগৰ জিলা প্ৰশাসনে ধন মোকলাই নিদিয়া বুলি কৈ আছে ।''

তেওঁ কয় যে, ক’ভিডৰ ব্যাপক সংক্ৰমণৰ বাবে যোৱা বছৰৰ অক্টোবৰলৈ আধাৰ কেন্দ্ৰবোৰ বন্ধ হৈ আছিল। যোৱা বছৰ নৱেম্বৰৰ পৰা আধাৰ কেন্দ্ৰবোৰ খোলা হৈছিল। তাৰ পাছৰ পৰা কোনো অপাৰেটৰে টকা পোৱা নাই। কোনো অপাৰেটৰে যদি ৫০ হাজাৰ টকা পাব আছে, কোনোবা অপাৰেটৰে আকৌ ১ লাখ টকা পৰ্যন্ত পাব আছে বুলি তেওঁ কয় ৷ মনকৰিবলগীয়া যে চৰকাৰে ধন মোকলাই নিদিয়াৰ বাবে অপাৰেটৰসকলে মানুহক লুণ্ঠন কৰাৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : APDCL recruitment : অৱশেষত বাতিল হ'ল নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.