ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 13, 2022, 11:18 AM IST

Top 10 at 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Star Campaigner Himanta in Gujrat election: গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই

বিজেপিয়ে দলটোৰ 40 গৰাকী শীৰ্ষ নেতাক লৈ প্ৰস্তুত কৰিছে ষ্টাৰ কেম্পেইনাৰ বা তাৰকা প্ৰচাৰকৰ এক তালিকা ৷ যিখন তালিকাত অন্তৰ্ভুক্ত হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ নামো(CM Himanta star campaigner in Gujrat election) ৷


Good news for Haj pilgrims: ভাৰতৰ হজ যাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ

হজ যাত্ৰীৰ বাবে সকাহৰ খবৰ (Good news for Haj pilgrims)। হজ যাত্ৰীৰ সুবিধাৰ্থে ভাৰত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । হজ যাত্ৰাৰ ব্যয় হ্ৰাস কৰাৰ উপৰিও কেইবাটাও সিদ্ধান্ত লৈছে চৰকাৰে ।

Fire at Lapelang: নিৰ্বাপিত হ’ল চৰাইদেউৰ লাইপেলেংস্থিত তৈলখাদৰ অগ্নিকাণ্ড

চৰাইদেউ জিলাৰ পাটসাঁকো লাইপেলেংস্থিত তৈলখাদত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Fire at Lapalang oil field) । ONGC ৰ অধীনস্থ তেলখাদটোত নিয়োজিত শ্ৰমিকে কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা(Devastating fire in Charaideo) ।

Fire in Charaideo: জুইত জাহ গ'ল কেইবাখনো বিপণী

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ডোমৰদলঙত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Moranhat)। অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । জানিব পৰা মতে ডোমৰদলঙৰ প্ৰশান্ত চুতীয়া নামৰ ব্যক্তিজনৰ বিপণী কেইখনত সংঘটিত হয় এই অগ্নিকাণ্ড ।

Marathon Race: গ্ৰাম্য পৰ্যটনৰ উন্নতিৰ লক্ষ্যৰে মাৰাথান দৌৰ

দেশ প্ৰগতিৰ দিশলৈ যাবলৈ হ'লে গ্ৰাম্যোঞ্চলৰ বিভিন্ন দিশৰ উন্নতি সাধন হোৱাটো বাঞ্চনীয় ৷ ইতিমধ্যে এই দিশৰ প্ৰতি লক্ষ্য ৰাখি খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই (MLA Mrinal Saikia) প্ৰথম অৱস্থাৰ পৰাই বিশেষভাৱে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

Dhemaji AASU Conference: মাধ্যমত হাত নিদিবলৈ চৰকাৰক আহ্বান সমুজ্জ্বল ভট্টাচাৰ্যৰ

ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশনৰ (10th Annual Conference of Dhemaji District AASU) সামৰণি । অধিৱেশনৰ মুকলি সভাত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ধেমাজিত এখন কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

Badruddin Ajmal public meeting: মোৰ ভূতে খেদিছে এতিয়া কংগ্ৰেছক: আজমল

ধুবুৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ শংকিত এআইইউডিএফ(Congress's Bharat Jodo yatra) ! কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচীৰ পিছতেই ধুবুৰীত আজমলৰ বিশাল জনসভা । আঠজনকৈ বিধায়কক লগত লৈ ধুবুৰীৰ পৰা আৰম্ভ আজমলৰ শক্তি প্ৰদৰ্শন(Badruddin Ajmal public meeting in Dhuburi) ।

Political war in Goalpara Municipality: আস্থা-অনাস্থাৰ ৰাজনীতিত বিধ্বস্ত গোৱালপাৰা পৌৰসভা

দীৰ্ঘদিন ধৰি চলি অহা পৌৰসভাৰ পৌৰব’ৰ্ডত বিজেপি আৰু কংগ্ৰেছী পৌৰ আয়ুক্তৰ মাজৰ অৰিয়া-অৰিয়ে চৰম ৰূপ লৈছে ৷ ইটোৰ পিছত সিটো বিত্তীয় কেলেংকাৰী সংঘটিত কৰি ঐতিহাসিক গোৱালপাৰা পৌৰসভাত দুৰ্নীতিৰ পোহাৰ মেলা পৌৰপতি মহানন্দ পাঠকৰ বিৰুদ্ধে যোৱা ২৬ অক্টোবৰত তিনিগৰাকীকৈ পৌৰ আয়ুক্তই আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ আনিছিল ৷

Shah Rukh khan news: শ্বাহৰুখ আৰু তেওঁৰ দলটোক মুম্বাই বিমানবন্দৰত কাষ্টম বিভাগে পৰীক্ষা কৰে

শ্বাহৰুখ খানক মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে এঘণ্টা ধৰি সোধা-পোছা কৰে (Shah Rukh khan news) । বিভাগটোৱে শ্বাহৰুখ আৰু তেওঁৰ দলটোক শুল্ক পৰিশোধ নকৰাৰ বাবে প্ৰশ্ন কৰিছিল ।

Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ সৌয্য-বীৰ্যৰ প্ৰতীক

দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ সৌয্য-বীৰ্যৰ প্ৰতীক ৷ বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম-জয়ন্তী এইবাৰ দিল্লীত উদযাপন কৰা উলহ-মালহেৰে (400 birth anniversary of Lachit Borphukan)৷ সেই উপলক্ষে দিল্লীৰ কেউফালে এতিয়া কেৱল লাচিত বন্দনা ৷ মেট্ৰ’ ষ্টেচনতো দেখা গ’ল অসমীয়া বুকু উফন্দি উঠা দৃশ্য ৷ ষ্টেচনটোত বাজিছে সুধাকণ্ঠৰ ‘মই লাচিতে কৈছোঁ’ গীত আৰু প্ৰতিখন মেট্ৰ’ ৰে’লত দেখা গৈছে লাচিত বৰফুকনৰ ছবি (Lachit Borphukan in Delhi metro station)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.