Badruddin Ajmal public meeting: মোৰ ভূতে খেদিছে এতিয়া কংগ্ৰেছক: আজমল

author img

By

Published : Nov 13, 2022, 8:56 AM IST

Badruddin Ajmal public meeting

ধুবুৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ শংকিত এআইইউডিএফ(Congress's Bharat Jodo yatra) ! কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচীৰ পিছতেই ধুবুৰীত আজমলৰ বিশাল জনসভা । আঠজনকৈ বিধায়কক লগত লৈ ধুবুৰীৰ পৰা আৰম্ভ আজমলৰ শক্তি প্ৰদৰ্শন(Badruddin Ajmal public meeting in Dhuburi) ।

গুৱাহাটী, 13 নৱেম্বৰ: কংগ্ৰেছৰ মুখত এতিয়া কেৱল বদৰুদ্দিন । চকু মুদিলেও বদৰুদ্দিন, চকু মেলিলেও বোলে বদৰুদ্দিন, ৰাস্তাত ওলালেও বদৰুদ্দিন, কংগ্ৰেছৰ বাবে এতিয়া আজমল ভূত হৈছে । আজমলৰ ভূতে খেদিছে কংগ্ৰেছক। কংগ্ৰেছে আজমলক টাৰ্গেট কৰি লোৱাৰ সময়তে শনিবাৰে ধুবুৰীত অনুষ্ঠিত হোৱা এখন দলীয় সভাত এইদৰে দলটোক সমালোচনা কৰে এআইইউডিএফৰ প্ৰধানগৰাকীয়ে(AIUDF President Badruddin Ajmal) ৷

ধুবুৰীক আজমলৰ জনসভা

ধুবুৰী সমষ্টিৰ ধৰ্মশালা অঞ্চলত অনুষ্ঠিত হোৱা এই বিশাল জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে কয়- "অসমৰ যিমান জ্বলন্ত সমস্যাৰ সৃষ্টি হৈছে সেয়া কংগ্ৰেছে কৰিছে । ৭৫ বছৰে কংগ্ৰেছে ডি ভোটাৰ, এন আৰ চি, বান গৰাখহনীয়া আদি কৰি জ্বলন্ত সমস্যাৰ সৃষ্টি কৰিছে । গতিকে সেই কংগ্ৰেছে এতিয়া আপোনালোকৰ ভোট বিচৰাৰ অধিকাৰ নাই । কংগ্ৰেছ শেষ, অসমৰ পৰা কংগ্ৰেছ বিদায় । কংগ্ৰেছে এ আই ইউ ডি এফক শত্ৰু বুলি দাবী কৰে, কিন্তু আমাৰ এক নম্বৰ শত্ৰু হৈছে বিজেপি ।"

আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক টাৰ্গেট কৰি লৈ সমালোচনা কৰা দেখা যায় । আজমলে লগতে কয়- "কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছে বিদায় ল’ব । তিনিবাৰকৈ আমাৰ সৈতে মিত্ৰতাৰ নামত প্ৰতাৰণা কৰিছে কংগ্ৰেছে । কিন্তু তাৰ পিছতো বিজেপিক ৰোধ কৰাৰ কাৰণে আমি কংগ্ৰেছীসকলক কৈ আছো যে, আপোনালোকে পুৰণি বিষয়বোৰ পাহৰি যাওঁক । আপোনালোকে আহক আমি সকলোৱে মিলি বিজেপিক উৎখাত কৰো ।"

আজমলে আৰু কয় দুখীয়াই সপোন দেখাৰ দৰে কংগ্ৰেছে এ আই ইউ ডি এফক উৎখাত কৰাৰ সপোন দেখি আছে । কংগ্ৰেছৰ নেতাসকলে প্ৰতিদিনে হিমন্তৰ ঘৰত শাৰী পাতি থাকে টকাৰ বাবে । ভূপেন বৰাই ওপৰত পেলোৱা থু নিজৰ মুখত পৰিব বুলি কৈ ভূপেন বৰাৰ সভাপতিত্ব নাথাকে বুলি দাবী কৰে আজমলে । ইপিনে পঞ্চায়ত দখল কৰাৰ বিপৰীতে কমেও তিনিজনকৈ সাংসদ লৈ লোকসভাৰ মজিয়ালৈ যাব বুলি আজমলে দৃঢ়তাৰে দাবী কৰে ।

ধুবুৰী বিধানসভা সমষ্টিৰ আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জনসভাত আজমলৰ উপৰিও উপস্থিত থাকে দলৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, বিধায়ক ড৹ ৰফিকুল ইছলাম, আমিনুল ইছলাম, নিজানুৰ ৰহমান, নজৰুল হক, চামছুল হুদা, মজিবৰ ৰহমান আৰু বিধায়ক আমিনুল ইছলামকে ধৰি দলৰ শীৰ্ষ নেতৃবৃন্দ । উক্ত সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু ধুবুৰীৰ বিধায়ক নজৰুল হককে ধৰি কেইবাজনো বিধায়কে নিজৰ ভাষণত কংগ্ৰেছক আক্ৰমণাত্মক ভাষাৰে তীব্র সমালোচনা কৰা পৰিলক্ষিত হয় ।

ধিঙৰ বিধায়ক আমিনুল ইছলামে(AIUDF MLA Aminul Islam) ভাষণ প্ৰসংগত কয়, বিজেপিৰ সৈতে আছে কংগ্ৰেছৰ গোপন মিত্ৰতা । বিজেপিৰ বিধায়ক কম হ’লে কংগ্ৰেছে যোগান ধৰে বিধায়ক ৷ মেঘালয়ত বিজেপিৰে মিত্ৰতা কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ উদাহৰণ দি তেওঁ কয় যে, যি কেইখন ৰাজ্যত বিৰোধী আঞ্চলিক দলবোৰে বিজেপিৰ বিৰুদ্ধে থিয় দিছে সেই ৰাজ্যবোৰত কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা ।

একেদৰে নিজৰ ভাষণত ২০১২ ত বি টি এডিত সংঘটিত হোৱা ভয়াৱহ প্ৰসংগ উপস্থাপন কৰি কংগ্ৰেছক সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচীক সমালোচনা কৰি জনীয়াৰ বিধায়ক ডo ৰফিকুল ইছলামে উজনি অসম বা তিনিচুকীয়া, শিৱসাগৰলৈ ভাৰত জোড়ো যাত্ৰা লৈ যোৱাৰ সাহস ভূপেন বৰাৰ নাই বুলি কটাক্ষ কৰে । জনীয়াত দুদিন কিয়, দুমাহ ভাৰত জোড়ো কাৰ্যসূচী ল’লেও কোনো কাম নহ’ব বুলি একপ্ৰকাৰ প্ৰত্যাহ্বান জনায় ৰফিকুল ইছলামে ।

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ আৰু প্ৰায় দুটা বছৰ বাকী । কিন্তু শনিবাৰে ধুবুৰীৰ পৰাই লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী ৰণডংকা বজালে আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে । ইফালে যোৱা এক নৱেম্বৰত প্ৰদেশ কংগ্ৰেছে ধুবুৰীৰ পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি প্ৰথমে এ আই ইউ ডি এফক উৎখাত কৰাৰ সংকল্প লোৱা দেখা গৈছিল(Bharat Jodo yatra in Dhumuri) ।

ধুবুৰী জিলাত পাঁচদিনীয়া ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰী জিলাখনত কংগ্ৰেছে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছিল । যাৰ বাবেই আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে ধুবুৰীত ইখনৰ পিছত সিখনকৈ সভা অনুষ্ঠিত কৰি দলটোৰ পূৰ্বৰ ভেঁটি ধৰি ৰাখিবলৈ চেষ্টা চলোৱা যেন পৰিলক্ষিত হৈছে ।

বিগত তিনিদিনে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত বাহৰ পাতি আজমলে দুখনকৈ সভাত অংশ লোৱা দেখা যায় । দলীয় বিধায়কসকলক লগত লৈ ইখনৰ পিছত সিখনকৈ সভাত অংশ লৈ আজমলে একপ্ৰকাৰ শক্তি প্ৰদৰ্শন কৰা যেন দেখা পোৱা গৈছে ।

লগতে পঢ়ক: অসমৰ বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত এএফ ডিৰ প্ৰকল্পসমূহ যথেষ্ট সহায়ক হৈছে: বনমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.