ETV Bharat / state

Dhemaji AASU Conference: মাধ্যমত হাত নিদিবলৈ চৰকাৰক আহ্বান সমুজ্জ্বল ভট্টাচাৰ্যৰ

author img

By

Published : Nov 13, 2022, 10:59 AM IST

ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশনৰ (10th Annual Conference of Dhemaji District AASU) সামৰণি । অধিৱেশনৰ মুকলি সভাত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ধেমাজিত এখন কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

Dhemaji AASU Conference
চৰকাৰক মাধ্যমত হাত নিদিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টাৰ

ধেমাজি, ১৩ নৱেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশনৰ (10th Annual Conference of Dhemaji District AASU) শনিবাৰে সামৰণি পৰে । ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনখনিৰ কালি সামৰণি অনুষ্ঠানত মুকলি সভা অনুষ্ঠিত হয় ।

চৰকাৰক মাধ্যমত হাত নিদিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টাৰ

উক্ত মুকলি সভাত আছুৰ মুখ্য উপদেষ্টা ড৹সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক মাধ্যমত হাত নিদিবলৈ সঁকীয়াই দিয়ে (AASU warns government not to touch medium) ৷ তেওঁ সকলো জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশ হোৱাটো বিচাৰে বুলি কয় (AASU Chief Advisor Samujjal Kumar Bhattacharya)। আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে ধেমাজিত এখন কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক আহ্বান জনায় (AASU demand for agriculture college in Dhemaji) ৷ তেওঁ পুনৰ কয় যে ৰজাঘৰে অসমৰ মানুহে সন্মুখীন হোৱা দুৰ্যোগৰ বাবে পতিয়নযোগ্য হ'ব পৰাকৈ মাত মাতিব বুলি কথা দিলেহে ছাত্ৰ সন্থাই শৈক্ষিক দিশৰ বাহিৰে কোনো দিশত আন্দোলন নকৰে ৷ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে আন্দোলন কৰিবলৈ মানা কৰা চৰকাৰক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় ৷

উক্ত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ ,সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ,আটাছুৰ যুটীয়া সম্পাদক মনোজ গগৈ ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াকে ধৰি বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰে (Asom Jatiyatabadi Yuva Parishad) ৷ তদুপৰি ছাত্ৰ সংগঠনৰ নেতা,ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ ,ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱাৰাকে ধৰি কেইবাগৰাকী শিক্ষাবিদ উপস্থিত থাকে । এই সভাতেই ছাত্ৰ সন্থাই প্ৰকাশ কৰি উলিওৱা 'অগ্ৰগামী' নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয় ৷

উল্লেখ্য় যে এই অধিৱেশনৰ প্ৰথমদিনা পুৱাই সদৌ অসম ছাত্ৰ সন্থা,অসম উন্নতি সভা আৰু অসম সেনাৰ পতাকা উত্তোলন কৰে ক্ৰমে দীপক শৰ্মা, জিতু বৰা আৰু ডিম্বেশ্বৰ গগৈয়ে ৷ আনহাতে,শ্বহীদ তৰ্পণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক কল্যাণ গগৈয়ে ৷ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জনায় উদযাপন সমিতিৰ সভাপতি ডঃ দীপক নেওগে ৷ এই অধিৱেশনত প্ৰথমদিনা দুপৰীয়া বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা অনুষ্ঠিত হয় (Dhemaji AASU conference)।

লগতে পঢ়ক:Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ সৌয্য-বীৰ্যৰ প্ৰতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.