ETV Bharat / entertainment

Shah Rukh khan news: শ্বাহৰুখ আৰু তেওঁৰ দলটোক মুম্বাই বিমানবন্দৰত কাষ্টম বিভাগে পৰীক্ষা কৰে

author img

By

Published : Nov 12, 2022, 6:20 PM IST

শ্বাহৰুখ খানক মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে এঘণ্টা ধৰি সোধা-পোছা কৰে (Shah Rukh khan news) । বিভাগটোৱে শ্বাহৰুখ আৰু তেওঁৰ দলটোক শুল্ক পৰিশোধ নকৰাৰ বাবে প্ৰশ্ন কৰিছিল ।

shah rukh khan
শ্বাহৰুখ খানক মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে এঘণ্টা ধৰি সোধা-পোছা কৰে

চিটাৰা ডেস্ক, 12 নৱেম্বৰ : বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খানক লৈ আহিছে এক চাঞ্চল্যকৰ খবৰ । শ্বাহৰুখ খানক মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে এঘণ্টা ধৰি সোধা-পোছা কৰে । বিভাগটোৱে শ্বাহৰুখ আৰু তেওঁৰ দলটোক শুল্ক পৰিশোধ নকৰাৰ বাবে প্ৰশ্ন কৰিছিল (Shah Rukh khan news) ।

শ্বাহৰুখ তেওঁৰ মেনেজাৰ পূজা দাদলানীৰ সৈতে বিমানবন্দৰত আছিল আৰু আনহাতে বিভাগটোৱে শ্বাহৰুখৰ দেহৰক্ষী আৰু দলটোক সোধা-পোছা কৰাত ব্যস্ত আছিল । সংবাদ মাধ্যমৰ মতে, শ্বাহৰুখ খানে ইতিমধ্যে শুল্ক পৰিশোধ কৰিছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খানক লাখ লাখ মূল্যৰ বিলাসী ঘড়ী অনা আৰু সেইসমূহৰ শুল্ক পৰিশোধ কৰিবৰ বাবে জেৰা কৰা হৈছিল । শ্বাহৰুখৰ বেগত দামী ঘড়ীৰ খালী বাকচ উদ্ধাৰ হোৱাৰ পিছতে তেওঁক জেৰা কৰা হয় ।

আচলতে শ্বাহৰুখ খান নিজৰ দলৰ সৈতে ব্যক্তিগত চাৰ্টাৰ ভিটিআৰ - এছজিৰ জৰিয়তে ডুবাইত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ গৈছিল । এই ব্যক্তিগত চাৰ্টাৰেৰে যোৱা নিশা 12 বজাত শ্বাহৰুখ ভাৰতলৈ উভতি আহিছিল । সেই সময়তে ৰেড চেনেল পাৰ হৈ যোৱাৰ সময়ত শুল্ক বিভাগে শ্বাহৰুখ আৰু তেওঁৰ দলটোৰ বেগত ঘড়ী উদ্ধাৰ কৰে । এনে পৰিস্থিতিত সকলোকে ৰখাই পৰীক্ষা কৰা হৈছিল ।

পৰীক্ষাৰ সময়ত বেগৰ পৰা কেইবাটাও দামী ঘড়ী উদ্ধাৰ কৰা হৈছিল, যাৰ ভিতৰত আছে বাবুন আৰু জুৰ্বকৰ 6 টা বাকচ আৰু ৰলেক্স ঘড়ী, স্পিৰিট ব্ৰেণ্ড ঘড়ী, যাৰ মূল্য প্ৰায় 8 লাখ টকা বুলি কোৱা হৈছে । ইয়াৰ লগতে, এপল চিৰিজৰ ঘড়ীও পোৱা গৈছে আৰু অধিক ঘড়ীৰ খালী বাকচো পোৱা গৈছে । বিভাগটোৰ মতে, এই ঘড়ীবোৰত 17 লাখ টকাৰো অধিক শুল্ক লাগি আছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খানৰ দেহৰক্ষী ৰবিয়ে 6 লাখ 87 হাজাৰ টকা শুল্ক ​​আদায় দিছে ৷ আনহাতে শ্বাহৰুখে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে এই ধন আদায় দিছে ।

লগতে পঢ়ক : শেহতীয়া ফটোৰ বাবে নেটিজেনৰ ৰোষৰ বলি হৈছে ছাৰা আলী খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.