ETV Bharat / state

বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Nov 6, 2019, 5:25 AM IST

Updated : Nov 6, 2019, 12:16 PM IST

বৰপেটা গ্ৰাম্য উপ-সংমণ্ডলত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতিৰ ৷ যাৰ বাবেই ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰি নিৰ্মাণৰ কামৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে বৰপেটা আমছুৰ লগতে স্থানীয় ৰাইজে ৷

বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

জনীয়া, 5 নৱেম্বৰঃ বৰপেটা গ্ৰাম্য উপ-পথ সংমণ্ডলত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিয়োগ উত্থাপন হৈছে ৷ সংমণ্ডলৰ অধীনস্থ জনীয়াত চেনিমাৰিৰ পৰা বৰভিটালৈ গড়কাপ্তানি পথ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি ৷

উক্ত অঞ্চলত তিনিদিন পূৰ্বে নিৰ্মাণ কৰা পথৰ ওপৰৰ অংশ চপৰা চপৰে উঠি যায় ৷ ৰঞ্জু নামৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কামেৰে পথটোৰ নামত আবন্টিত একাংশ ধন লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় সচেতন ৰাইজে ৷ যাৰ বাবে বিতৰ্কিত ঠিকাদাৰগৰাকীয়ে বনঘুগি গাঁও পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিমৰ জৰিয়তে ৰাইজক ভয়-ভাবুকি প্ৰদান কৰে ৷

বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

এনে অৱস্থাত উক্ত ঠিকাদাৰৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা আমছুৱে ৷ আমছুৱে উক্ত ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰি পথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰেই তদন্ত কৰিবলৈ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৷

লগতে পঢ়কঃ আৰম্ভ হ'ল 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ

Intro:slug: as_jania_5nov_protest_for_pwd_road_scam_vis2+byt4+pho2_spl_pkg_asc10058

Anchor: চেনিমাৰি পৰা বৰভিটালৈ গড়কাপ্তানিভি পথৰ মেৰামতিৰ কামত ব্যাপক দূৰ্নীতি। চপৰা-চপৰে উঠি গৈছে তিনিদিন পূৰ্বে কাম কৰা পথ। ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল আৰু গ্ৰেপ্তাৰৰ দাবীত আমছু আৰু ৰাইজৰ প্ৰতিবাদ। চাওক আমাৰ এক প্ৰতিবেদন -Body:slug: as_jania_5nov_protest_for_pwd_road_scam_vis2+byt4+pho2_spl_pkg_asc10058

VO: চপৰা-চপৰে উঠি গৈছে এখন পথ। মাত্ৰ তিনিদিন পূৰ্বে মেৰামতি কৰা হৈছিল পথখন। কিন্তু নিম্ন মানৰ কাম কৰাৰ বাবেই পথখনৰ কাৰ্পেটিং ৰাইজে টানি উঠাইছে। এই পথখন হৈছে বৰপেটা জিলা গ্রাম্যপথ উপ-সংমণ্ডলৰ অন্তৰ্গত চেনিমাৰি পৰা বৰভিটালৈ যোৱা গড়কাপ্তানি পথ। ৰঞ্জু নামৰ ঠিকাদাৰজনে অতি নিম্ন খাপৰ কাম কৰা প্ৰত্যক্ষ কৰি একাংশ সচেতন যুৱকে আপত্তি কৰাত ঠিকাদাৰ ৰঞ্জুয়ে বনঘুগি গাওঁ পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিমৰ জৰিয়তে আৰক্ষীৰ ভয় দেখুৱা বুলি অভিযোগ উঠিছে। অসম চৰকাৰৰ দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিভাগক ঠিকাদাৰে বিভাগীয় মন্ত্ৰীক অংগুষ্ঠ প্ৰদৰ্শন কৰি ঠিকাদাৰে অতি নিম্ন মানৰ কামেৰে চৰকাৰৰ দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ ফোপোলা স্বৰূপটো উদঙাই দিয়া ঠিকাদাৰৰ লাইচেঞ্চ কৰ্তন কৰি ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদ সাব্যস্থ কৰে আমছুৰ বৰপেটা আঞ্চলিক সমিতিয়ে।

Special Package StoryConclusion:slug: as_jania_5nov_protest_for_pwd_road_scam_vis2+byt4+pho2_spl_pkg_asc10058

Byte: আমছুৰ বৰপেটা আঞ্চলিকৰ সদস্য আৰু স্থানীয় ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
Last Updated :Nov 6, 2019, 12:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.