ETV Bharat / city

আৰম্ভ হ'ল 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ'

author img

By

Published : Nov 6, 2019, 12:46 AM IST

সমাজৰ কল্যাণ আৰু পাপ খণ্ডনৰ বাবে বৈদিক ৰীতি নীতিৰে বহিঃৰাজ্যৰ পুৰোহিতে আৰম্ভ কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা ৷

'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ'

গুৱাহাটী, 5 নৱেম্বৰঃ মঙলবাৰৰ পৰা অহা 16 নৱেম্বৰলৈ পূৰ্ব তিৰুপতি শ্ৰী বালাজী সমিতিৰ উদ্যোগত মহানগৰীৰ ভৰলুমুখত আৰম্ভ হ'ল "ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ" ৷ ইতিমধ্যে এই উৎসৱ উপলক্ষে সমাজৰ কল্যাণ আৰু পাপ খণ্ডনৰ বাবে বৈদিক ৰীতি নীতিৰে মহাবাহু ব্ৰহ্মপুত্ৰক পূজা আৰম্ভ কৰিছে বহিঃৰাজ্যৰ পৰা অহা পুৰোহিতে ৷ ইয়াৰ পূৰ্বে দক্ষিণ ভাৰতত অনুষ্ঠিত হোৱা এই পুস্কৰ মেলা পোনপ্ৰথমবাৰৰ বাবে অসমত আয়োজন কৰা হৈছে য'ত আগমন ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰৰ ভক্তৰ ৷ বিশেষকৈ দক্ষিণ ভাৰতৰ পৰা অহা ভক্ত তথা পুৰোহিতৰ সংখ্যায়ে অধিক ৷

'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ'

আৰু পঢ়কঃ গোলাঘাট আৰক্ষীৰ ধন দাবী: সুৰজিৎ সিং পানেশ্বৰক তদন্তৰ দায়িত্ব

মঙলবাৰে পুৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভণি কৰে এই পুস্কৰ মেলাৰ । আনহাতে সন্ধিয়া আৰতিৰে পূজা অৰ্চনা কৰা হয় ব্ৰহ্মপুত্ৰক, য'ত দক্ষিণ ভাৰতৰ পুৰোহিতৰ লগতে অসমৰ ভক্তই বিশেষভাৱে আৰতি কৰে । বুধবাৰৰ পৰা ভৰলুমুখত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ব্ৰহ্মপুত্ৰৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হব, লগতে এই মেলাত থাকিব অসমৰ থলুৱা সাজপাৰ, খাদ্য সম্ভাৰৰ লগতে দক্ষিণ ভাৰতৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন ৷

Intro:আজিৰে পৰা ১৬নৱেম্বৰলৈ পূৰ্ব তিৰোপাথী শ্ৰী বালাজী সমিতিৰ উদ্যোগত মহানগৰীৰ ভৰলুমুখত অনুষ্ঠিত হৈছে 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱৰ'। সমাজৰ কল্যান আৰু পাপ খণ্ডনৰ বাবে বৈদিক ৰীতি নীতিৰে পূজা কৰা হ'ব মহাবাহু ব্ৰহ্মপুত্ৰক। পূৰ্বে দক্ষিণ ভাৰতত এই পুস্কৰ মেলা অনুষ্ঠিত হৈছিল যদিও অসমত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই মেলাৰ। মেলাত আগমন ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰৰ ভক্তৰ। দক্ষিণ ভাৰতৰ পৰা আহিছে সৰ্বাধিক ভক্তৰ লগতে পুৰোহিত। ইফালে পুৱাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভণি কৰে এই মেলাৰ।


Body:সন্ধিয়া মাংগলিক অনুষ্ঠানেৰে আৰম্ভ হয় ব্ৰহ্মপুত্ৰ পুস্কৰৰ। আৰতিৰে পূজা অৰ্চনা কৰা হয় ব্ৰহ্মপুত্ৰক। দক্ষিণ ভাৰতৰ পুৰোহিতৰ লগতে অসমৰ ভক্তই বিশেষভাৱে আৰতি কৰে। পূজাৰ উপৰিও মহাবাহুত স্নান কৰি নিজৰ মনোকামনা পূৰণৰ অৰ্থে প্ৰাৰ্থনা কৰিব ভক্তই। কাইলৈৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ব্ৰহ্মপুত্ৰক বিশেষভাৱে পূজা অৰ্চনা কৰা হ'ব। আনহাতে এই পুস্কৰ মেলাত অসমৰ থলুৱা সাজপাৰ, খাদ্য সম্ভাৰৰ লগতে দক্ষিণ ভাৰতৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হৈছে।


Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.