ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 31, 2021, 6:58 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

1. সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন অসুস্থ

অসুস্থ হৈ পৰিছে বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন ৷ শিল্পী গৰাকীক বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰি থকা হৈছে ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে বৰ্ষীয়ান শিল্পী গৰাকীয়ে ৷

2. 3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

পুনৰ মুকলি হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা ৷ দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ গ্ৰহণ কৰা হৈছে এক উমৈহতীয়া সিদ্ধান্ত ৷ ভাৰতীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে(Ministry of Civil Aviation) প্ৰকাশ কৰিছে এই তথ্য ৷

3. দিল্লী অভিমুখে ৰাওনা হোৱা SSB ৰ চাইকেল ৰেলী দলক সম্বৰ্ধনা

তেজপুৰ আৰু গুৱাহাটীৰ পৰা SSB দলটোৱে আৰম্ভ কৰা এই চাইকেল ৰেলী সোমবাৰে পুৱা মাণিকপুৰত উপস্থিত হয় ৷ মাণিকপুৰত উপস্থতিত হোৱাৰ লগে লগে মাণিকপুৰ আৰক্ষী থানাত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আৰু বিজনীৰ SSB বাহিনী আৰু মাণিকপুৰ আৰক্ষীয়ে সম্ভাষণ জনায় দলটোক ৷

4. সোৱণশিৰিৰ বান্ধত ভূমিস্খলন : উত্তৰ অসমত জল প্ৰলয়ৰ আশংকা

নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পৰ ৫ নম্বৰ ডাইৰ্ভাচন টানেলৰ সন্মুখ ভাগত সংঘটিত হৈছে ভূমিস্খলন ৷ প্ৰৱল বানৰ আতংকই বিৰাজ কৰিছে উত্তৰ অসমৰ ৰাইজৰ মাজত ৷

5. কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

হস্ত নিৰ্মিত পিস্তলতেই থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰাৰ পাৰদৰ্শিতা অৰ্জন কৰি এক কথাত ত্ৰাসৰ সৃষ্টি কৰি আছিল কুখ্যাত ডকাইত কিতাব আলীয়ে ৷ জানো আহক কেনেকৈ আৰক্ষীৰ জালত পৰিল কিতাব ৷

6. শিলচৰ বিমান বন্দৰত কৰ্তব্যৰত লোকক আক্ৰমণ; আটক কায়ুম আলীক

সোমবাৰে, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি ৷ চৰকাৰী ক’ভিড নীতি পালন কৰিবলৈ ক‌োৱাৰ বাবেই সুৰক্ষা কৰ্মী আৰু স্বাস্থ্য কৰ্মীৰ গাত হাত দিলে এজন বিমান যাত্ৰীয়ে । উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যাত্ৰীজনক ক’ভিড পৰীক্ষাৰ বাবে অৱগত কৰিছিল কৰ্তব্যৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে ।

7. ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বঙাইগাঁও

বঙাইগাঁও জিলাত আই নদীয়ে লৈছে ভয়ংকৰ ৰূপ । গৰাখহনীয়াৰ কৱলত পৰি প্ৰায় তিনি শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে । তীব্ৰ খাদ্য সংকটত পৰিছে লোকসকল ।

8. শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত বন্ধ হ'ব সুৰা আৰু মাংসৰ প্ৰচলন !

জন্মাষ্টমীৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গুৰুত্বপূৰ্ণ ঘোষণা । সুৰা আৰু মাংসৰ পৰিৱৰ্তে গাখীৰ বিক্ৰী কৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ ৷

9. মহানগৰীৰ তিনি স্থানৰ পৰা আটক 5 টা ড্ৰাগছ সৰবৰাহকাৰী

বিগত 48 ঘণ্টাত মহানগৰীৰ তিনিটা স্থানৰ পৰা 5 টা ড্ৰাগছ(Drugs) সৰবৰাহকাৰী আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কামৰূপ মহানগৰ আৰক্ষীৰ(Kamrup Police) ৷ লাখটকীয়াৰ ৰে’লৱে উৰণীয়া সেঁতু, জ্যোতিকুছি আৰু নামবাৰী চেইণ্ট মেৰিছ স্কুলৰ সমীপৰ পৰা এই সৰবৰাহকাৰী কেইটাক আটক কৰে আৰক্ষীয়ে ৷

10. বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যক্তিগত তথা ৰাজহুৱা পাৰ্টিতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.