কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

author img

By

Published : Aug 31, 2021, 4:46 PM IST

Updated : Aug 31, 2021, 5:13 PM IST

infamous-dakait-kitab-ali-is-under-police-custody

হস্ত নিৰ্মিত পিস্তলতেই থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰাৰ পাৰদৰ্শিতা অৰ্জন কৰি এক কথাত ত্ৰাসৰ সৃষ্টি কৰি আছিল কুখ্যাত ডকাইত কিতাব আলীয়ে ৷ জানো আহক কেনেকৈ আৰক্ষীৰ জালত পৰিল কিতাব ৷

নগাঁও, 31 আগষ্ট : নাম তেওঁৰ কিতাব আলী, এই ভদ্ৰলোকজন পেছাত এটা কুখ্যাৎ ডকাইত ৷ মাজে মাজে বাইক চুৰি, মাজে মাজে ডকাইতি; মুঠৰ ওপৰত এই দুষ্কাৰ্যবোৰৰ মাজতে হিন্দী চিনেমাৰ দৰে চলি আছে কিতাবৰ জীৱন ৷ কেৱল ইমানেই নে ? হস্ত নিৰ্মিত পিস্তলতেই থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰাৰ পাৰদৰ্শিতা অৰ্জন কৰি এক কথাত ত্ৰাসৰ সৃষ্টি কৰি আছিল কুখ্যাত ডকাইত কিতাব আলীয়ে ৷ পিছে, কাহিনীত ডকাইত থাকিলেইটো নহ’ব, পুলিচো লাগিব ৷

খেল খতম হ’ল হিন্দী চিনেমাৰ ষ্টাইলত ডকাইতি কৰা কিতাব আলীৰ

হয়, শেহতীয়াকৈ কৰা কৰ্ম কাণ্ডৰে আৰক্ষীৰ মষ্ট ওৱান্টেড হৈ পৰিছিল আলী ৷ মৰিগাঁৱৰ কেইজনমান যুৱকৰ সৈতে মিলি কিতাবে ডকাইতিৰ পৰিকল্পনা কৰাৰ খবৰ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰিলে নগাঁও আৰক্ষীয়ে । এই সূত্ৰৰ ভিতৰতে মঙলবাৰে আৰক্ষীৰ এটা দলে ডকাতৰ দলটোৰ বিৰুদ্ধে নগাঁৱৰ কাছমাৰীত এম্বুছৰ ব্যৱস্থা কৰে । নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অতি কৌশলেৰে পৰৱৰ্তী সময়ত আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ডকাইত কিতাব আলীক ।

ধৃত কিতাব আলীৰ পৰা আৰক্ষীৰ দলটোৱে থ্ৰী নট থ্ৰী ৰাইফলৰ তিনিজাঁই সজীৱ গুলীৰ লগতে এটা হস্তনিৰ্মিত পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় । থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰিব পৰাকৈ পিতলেৰে এটা পিষ্টল নিৰ্মাণ কৰি লৈছিল ডকাইতটোৱে ৷ উল্লেখযোগ্য যে, ধৃত ডকাইত কিতাব আলীৰ বিৰুদ্ধে নগাঁৱৰ জুৰীয়াকে ধৰি বিভিন্ন আৰক্ষী থানাত ইতিমধ্যে ৰুজু হৈ আছিল বহুকেইটা অপৰাধৰ গোচৰ ।

বাইক চুৰিৰ পৰা আদি কৰি ডকাইতিৰ গোচৰ ৰুজু হৈ থকা কুখ্যাত ডকাইত কিতাব আলীক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । আনহাতে, গঁড় হত্যাৰ বাবে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰিব পৰা পিষ্টল নিৰ্মাণ কৰা বিষয়টোৱেও এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ অৱশ্যে, আৰক্ষীৰ তদন্তত কিতাবৰ বহু বিস্ফোৰক অধ্যায় পৰৱৰ্তী সময়ত প্ৰকাশ পাব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক : বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

Last Updated :Aug 31, 2021, 5:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.