ETV Bharat / state

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন অসুস্থ

author img

By

Published : Aug 31, 2021, 6:24 PM IST

অসুস্থ হৈ পৰিছে বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন ৷ শিল্পী গৰাকীক বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰি থকা হৈছে ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে বৰ্ষীয়ান শিল্পী গৰাকীয়ে ৷

sangeet-natak-akademi-awardees-jagannath-bayan-falls-in-ill
সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন অসুস্থ

বৰপেটা, 31 আগষ্ট : সত্ৰনগৰী বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন অসুস্থ ৷ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে সোমবাৰে সন্ধিয়া সত্ৰীয়া শিল্পীগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত শিল্পীগৰাকীৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে তেওঁক ততালিকে আই চি ইউত ভৰ্তি কৰে ৷ বৰ্তমান তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জনাইছে চিকিৎসকে জানিবলৈ দিছে ৷

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন অসুস্থ

উল্লেখ্য যে, অসমৰ পৰম্পৰাগত খোল বাদ্যলৈ আগবঢ়োৱা জীৱনযোৰা অৱদানৰ স্বীকৃতিস্বৰূপে বিশিষ্ট শিল্পীগৰাকীক সংগীত নাটক অকাডেমীয়ে 2017 বৰ্ষৰ অকাডেমী বঁটা আগবঢ়াইছিল ৷ শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰিয়ে সত্ৰনগৰী বৰপেটাৰ লগতে ৰাজ্যৰ সত্ৰীয়া সংগীতশিল্পীসকলক উদ্বিগ্ন কৰি তুলিছে ৷ শিল্পীগৰাকী অসুস্থ হোৱাৰ বাতৰি পোৱাৰ পিচতেই বহু শিল্পী, কলা-কুশলী আৰু অনুৰাগীয়ে আশু আৰোগ্য কামনা কৰিছে ৷

1925 চনৰ 3 মে'ত সত্ৰনগৰী বৰপেটাৰ কুজীৰদ' হাটীৰ এটা সত্ৰীয়া সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগন্নাথ বায়নে ৷ বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে জড়িত থকা জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷

প্ৰাপ্ত খবৰ মতে, বৰপেটা সত্ৰৰ সত্ৰীয়া পৰম্পৰাক জীয়াই ৰখাৰ কামত ব্ৰতী হৈ অহা শিল্পীগৰাকী বিগত কেইবাবছৰ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আহিছে ৷ শাৰীৰিক অসুস্থতাৰ মাজতো নিজৰ কাম সমূহ কৰি গৈছিল বিশিষ্ট সত্ৰীয়া শিল্পী গৰাকীয়ে ৷ বৰ্তমান শিল্পী গৰাকী সংকটমুক্ত বুলি জনাইছে হাস্পতাল খনৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত বন্ধ হ'ব সুৰা আৰু মাংসৰ প্ৰচলন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.