ETV Bharat / state

ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বঙাইগাঁও

author img

By

Published : Aug 31, 2021, 5:18 PM IST

বঙাইগাঁও জিলাত আই নদীয়ে লৈছে ভয়ংকৰ ৰূপ । গৰাখহনীয়াৰ কৱলত পৰি প্ৰায় তিনি শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে । তীব্ৰ খাদ্য সংকটত পৰিছে লোকসকল ।

erosion at Bongaigaon
ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বঙাইগাঁও

মাণিকপুৰ, ৩১ আগষ্ট : ৰাজ্যত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কেইবাখনো জিলা এতিয়া বানৰ কৱলত পৰিছে । ৰাজ্যৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে । বহুতে ঘৰ-বাৰী, কৃষি ভূমি সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে ।

বানৰ কৱলত পৰা ৰাজ্যৰ জিলাসমূহৰ ভিতৰত বঙাইগাঁও জিলাখনো অন্যতম । বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তত আই নদীয়ে কাল ৰূপ ধাৰণ কৰিছে । ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰিছে জিলাখনৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাৰপেট, বাশবাৰী আদি অঞ্চল ।

ভয়ংকৰ গৰাখহনীয়াৰ কৱলত বঙাইগাঁও

বিগত ১৫ দিনে প্ৰায় তিনি শতাধিক পৰিয়ালৰ বাসগৃহসহ শ শ বিঘা কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে । খহনীয়াত ক্ষতিগ্ৰস্ত লোক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । মৰমৰ ঘৰখন হেৰুৱাই ক্ষতিগ্ৰস্ত লোকসকলে নিৰাপদ স্থানত আশ্ৰয় লৈ দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে ।

সমষ্টিটোৰ কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী গুৰুত্বপূৰ্ণ পকী পথটোৰ লগতে বাশবাৰী বজাৰখন নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে । ইয়াৰ পাছতো বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ।

লগতে পঢ়ক :Star Jalsha ৰ ধাৰাবাহিকত কৰিমগঞ্জৰ তনুশ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.