Star Jalsha ৰ ধাৰাবাহিকত কৰিমগঞ্জৰ তনুশ্ৰী

author img

By

Published : Aug 31, 2021, 10:44 AM IST

Updated : Aug 31, 2021, 10:58 AM IST

star jalsha

অসমবাসীৰ বাবে আন এক ভাল খবৰ । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাংলা ভাষাৰ টিভি চেনেলত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে অসমৰ এগৰাকী যুৱতীয়ে । কৰিমগঞ্জৰ যুৱতীগৰাকীয়ে ইতিমধ্যে ধাৰাবাহিকখনত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছে ।

কৰিমগঞ্জ,৩১ আগষ্ট : ৰাষ্ট্ৰীয় টিভি চেনেলৰ পৰ্দাত পুনৰ অভিনয়ৰ সুযোগ লাভ কৰিছে অসমৰ সন্তানে । এইবাৰ 'ষ্টাৰ জলসা'(Star Jalsha) নামৰ চেনেলটোৰ এখন ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ পাইছে কৰিমগঞ্জৰ এগৰাকী যুৱতীয়ে । লক্ষণীয়ভাৱে বিভিন্ন ক্ষেত্ৰত অসম তথা উত্তৰ-পূৱৰ প্ৰতিভাই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । অভিনয় ক্ষেত্ৰখনতো ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৱৰ বহু যুৱক-যুৱতীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ।

star jalsha
Star Jalshaৰ ধাৰাবাহিকত কৰিমগঞ্জৰ তনুশ্ৰী

এইবাৰ বাংলা ভাষাৰ জনপ্ৰিয় চেনেল ষ্টাৰ জলসাৰ 'শ্ৰীকৃষ্ণ ভক্ত মীৰা' (Shree Krishna Bhakto Meera) শীৰ্ষক এখন ধাৰাবাহিকত অভিনয় কৰিছে কৰিমগঞ্জৰ তনুশ্ৰীয়ে । প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকত অভিনয়ৰ বাবে সুযোগ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ উঠিছে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে আত্মীয় ।

star jalsha
Star Jalshaৰ ধাৰাবাহিকত কৰিমগঞ্জৰ তনুশ্ৰী

উল্লেখ্য যে, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ তীলভূম গাওঁৰ বাসিন্দা তনুশ্ৰী চক্ৰৱৰ্তী । সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে তনুশ্ৰীয়ে বিভিন্ন মঞ্চত অভিনয় কৰিছিল । ২০১৯ চনত কলকাতালৈ অভিনয়ৰ পাঠ্যক্ৰমৰ বাবে যোৱা তনুশ্ৰীয়ে ইয়াৰ পাছৰ পৰ্যায়ত বিভিন্ন ধাৰাবাহিকৰ বাবে অডিশ্বন দিছিল । তেনেদৰেই ষ্টাৰ জলসাছাতো অডিশ্বন দিয়াৰ পাছতে অভিনয়ৰ সুযোগ লাভ কৰে কৰিমগঞ্জৰ তনুশ্ৰী চক্ৰৱৰ্তীয়ে ।

লগতে পঢ়ক : চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে চৰকাৰে গঠন কৰিব 7 খন কমিটী

Last Updated :Aug 31, 2021, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.