চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে চৰকাৰে গঠন কৰিব 7 খন কমিটী

By

Published : Aug 30, 2021, 10:59 PM IST

thumbnail

চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত হামদেৰ মনেৰ কথা শীৰ্ষক এক বৈঠক অনুস্থিত হয় । চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ দিশে চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু নেতৃত্বস্থানীয় ব্যক্তিসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ এক বাৰ্তালাপ অনুষ্ঠান হয় । এই বৈঠক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় । অনুষ্ঠানৰ শেষত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘‘অসমৰ সমাজ জীৱনত আৰ্থিক জীৱন আৰু সাংস্কৃতিক জীৱনত অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ অপৰিসীম বৰঙণি আছে । এই বৈঠকত যত চাহ জনগোষ্ঠীৰ ১০০ তকৈও অধিক বুদ্ধিজীৱী বিভিন্ন চৰকাৰী চাকৰিত জড়িত প্ৰশাসনীয় সেৱাৰ বিষয়া ৰাজনৈতিক কৰ্মী, সাংকৃতিক কৰ্মী আৰু ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তি সকল উপস্থিত থাকে । ৪ ঘন্টাতকৈ অধিক সময় তেখেতসকলৰ মনত কথা শুনিবলৈ যত্ন কৰিলো । অসমৰ চাহ জনগোষ্ঠীক আদিবাসী সম্প্ৰদায়টোক বিকাশৰ নতুন দিশেৰে আগবঢ়াই নিয়াৰ বাবে তেখেত সকলৰ পৰামৰ্শ শুনিলো। আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আমি ৭ খন সমিতি গঠন কৰিম । য’ত স্বাস্থ্য, শিক্ষা, কৌশল বিকাশ, সংস্কৃতি, সাহিত্য, ক্ৰীড়া, সংস্থাপন গোটেই দিশ সামৰি ল’ব । তেখেত সকলে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিবেদন আগবঢ়াব । সেই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী বাজেট সমূহত আচনি ৰূপায়ন কৰা হ’ব ।’’

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.