ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 14, 2022, 3:28 PM IST

TOP 10 NEWS AT 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

গ্ৰেপ্তাৰ হ’ল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়ক (Gang of devils group arrested) ৷ ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেং অৱ ডেভিল গ্ৰুপৰ ছিনিয়ৰ বছ আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।

Clash in Tawang sector: ভাৰত-চীনে গ্ৰহণ কৰা স্থিতিত বাইডেন প্ৰশাসন সন্তোষ

ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বৰ্তমান এক অতি স্পৰ্শকাতৰ পৰ্যায়ত আছে । কেইবাবাৰো কূটনৈতিক আলোচনা হোৱা সত্ত্বেও 2020 চনত গালৱান উপত্যকা সীমান্ত সংঘৰ্ষৰ পিছৰে পৰা সম্পৰ্ক তিক্ত হৈ পৰিছে দেশ দুখনৰ মাজত (Galwan valley border conflict) । ইয়াৰ পিছতে টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষক লৈ আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিক্ৰিয়া অব্য়াহত । এই প্ৰসংগত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(White House react on Indo China Border clash ) ।

Assam CM Launches Orunodoi 2: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি

দিল্লীৰ পৰা ভাৰ্ছুৱেলী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা অৰুণোদয় ২.০ আঁচনিখনত নতুনকৈ সামৰি লোৱা হৈছে ১০.৫৪ লাখ হিতাধিকাৰীক। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত দিব্যাংগসকলৰ লগতে তৃতীয় লিংগৰ লোক। আঁচনিখনৰ বাবে প্ৰতিমাহে ৰাজ্য চৰকাৰে ব্যয় কৰিব ৩৪৫ কোটি টকা ।

Gamosa gets GI Tag : অসমৰ গামোচাই লাভ কৰিলে 'GI' টেগ

এই সন্দৰ্ভত মঙলবাৰে ভৌগোলিক সূচাংকৰ পঞ্জীয়কে নিৰ্দেশনা জাৰি কৰিছে (Assamese Gamosa gets GI Tag)। গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা গামোচাক ভৌগোলিক পৰিচয় দিবলৈ ২০১৭ চনতে আবেদন জনোৱা হৈছিল । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক অভিনন্দন জনাইছে ।

Parliament Winter Session 2022 : চীনা আমদানিত নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন গৌৰৱ গগৈৰ

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত চীনৰ সৈতে চলি থকা সীমান্ত সংঘাতৰ পিছতো চীনা আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা কিয় বৃদ্ধি পাইছে আৰু অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত চীনৰ সৈতে সীমান্তৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ মণীষ তিৱাৰীয়ে আলোচনা কৰিবলৈ স্থগিত প্ৰস্তাৱ জাননী প্ৰদান কৰে (Parliament Winter Session 2022) ।

HSLC exam 2023: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা (HSLC exam 2023)। বুধবাৰে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ২০ ফেব্ৰুৱাৰী সোমবাৰে ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

Erosion in Dhemaji: ধেমাজি চিচিকলঘৰ জন্মীচুকলৈ ব্ৰহ্মপুত্ৰই কঢ়িয়াইছে তীব্ৰ ভাবুকি

মহাবাহুয়ে ভাবুকি কঢ়িয়াইছে ধেমাজি জিলাৰ চিচিকলঘৰৰ জন্মীচুকলৈ । অঞ্চলটোৰ বহুলোকৰ খেতি-পথাৰ, ঘৰ-বাৰী ইতিমধ্যেই জাহ গৈছে মহাবাহুৰ বুকুত (Erosion in Dhemaji) ৷ বৰ্তমান খৰালিৰ সময়ত মাত্ৰ ৬০০ মিটাৰ মান নিলগতহে আছে ব্ৰহ্মপুত্ৰ গৰা । যাৰ ফলস্বৰূপে আগন্তুক বাৰিষাক লৈ নৈ পৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে (River People are worried about monsoon) ৷

Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

গ্ৰেপ্তাৰ হ’ল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়ক (Gang of devils group arrested) ৷ ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেং অৱ ডেভিল গ্ৰুপৰ ছিনিয়ৰ বছ আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।

Qatar World Cup final 2022 : বিশ্বকাপৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

তৃতীয়টো বিশ্বকাপ খিতাপ অৰ্জনৰ আশাত বন্দী আৰ্জেণ্টিনা । ষষ্ঠবাৰলৈ বিশ্বকাপৰ ফাইনেলত দলটো (Argentina in FIFA world Cup final)। মঙলবাৰে ক্ৰোৱেছিয়াক ৩-০ গ'লত পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে মেছিৰ দলটোৱে ।

Besharam Rang গীতটোত দীপিকাই কৰা নৃত্য সন্দৰ্ভত কি ক’লে কৰিঅ’গ্ৰাফাৰে?

কৰিঅ'গ্ৰাফাৰ বৈভৱী মাৰ্চেণ্টে পাঠানৰ Besharam Rang গানটোত দীপিকা পাডুকনক দৰ্শকৰ চকুত লগা কৰিবলৈ সকলো ফালৰে পৰা প্ৰয়াস কৰিছিল । বৈভৱীয়ে এইটো কথা প্ৰকাশ কৰিছে যে গানটোৰ সৈতে দীপিকাই যিদৰে নিজৰ শৰীৰক খাপ খুৱাই নৃত্য কৰিছে সেইয়া দেখি তেওঁ আচৰিত হৈছিল । গানটোত নৃত্য কৰাৰ সময়ত দীপিকা যথেষ্ট আৰামদায়ক অৱস্থাত আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.