Erosion in Dhemaji: ধেমাজি চিচিকলঘৰ জন্মীচুকলৈ ব্ৰহ্মপুত্ৰই কঢ়িয়াইছে তীব্ৰ ভাবুকি

By

Published : Dec 14, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মহাবাহুয়ে ভাবুকি কঢ়িয়াইছে ধেমাজি জিলাৰ চিচিকলঘৰৰ জন্মীচুকলৈ । অঞ্চলটোৰ বহুলোকৰ খেতি-পথাৰ, ঘৰ-বাৰী ইতিমধ্যেই জাহ গৈছে মহাবাহুৰ বুকুত (Erosion in Dhemaji) ৷ বৰ্তমান খৰালিৰ সময়ত মাত্ৰ ৬০০ মিটাৰ মান নিলগতহে আছে ব্ৰহ্মপুত্ৰ গৰা । যাৰ ফলস্বৰূপে আগন্তুক বাৰিষাক লৈ নৈ পৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে (River People are worried about monsoon) ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কোটি টকা আবন্টন দিলেও এই অঞ্চলটোক ৰজাঘৰৰ অভিলাষী আঁচনিয়ে আজিকোপতি স্পৰ্শ কৰা নাই । সমষ্টিটোৰ বিধায়ক ৰণোজ পেগুৱেও এবাৰ খবৰ ল’বলৈ আহৰি পোৱা নাই বুলি মন্তব্য কৰিলে স্থানীয়লোকে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.