ETV Bharat / entertainment

Besharam Rang গীতটোত দীপিকাই কৰা নৃত্য সন্দৰ্ভত কি ক’লে কৰিঅ’গ্ৰাফাৰে?

author img

By

Published : Dec 14, 2022, 1:10 PM IST

Updated : Dec 14, 2022, 2:24 PM IST

কৰিঅ'গ্ৰাফাৰ বৈভৱী মাৰ্চেণ্টে পাঠানৰ Besharam Rang গানটোত দীপিকা পাডুকনক দৰ্শকৰ চকুত লগা কৰিবলৈ সকলো ফালৰে পৰা প্ৰয়াস কৰিছিল । বৈভৱীয়ে এইটো কথা প্ৰকাশ কৰিছে যে গানটোৰ সৈতে দীপিকাই যিদৰে নিজৰ শৰীৰক খাপ খুৱাই নৃত্য কৰিছে সেইয়া দেখি তেওঁ আচৰিত হৈছিল । গানটোত নৃত্য কৰাৰ সময়ত দীপিকা যথেষ্ট আৰামদায়ক অৱস্থাত আছিল ৷

Besharam Rang
দীপিকাই কৰা নৃত্য সন্দৰ্ভত কি ক’লে কৰিঅ’গ্ৰাফাৰে?

চিটাৰা ডেস্ক, 14 ডিচেম্বৰ : পাঠানৰ প্ৰথমটো গান Besharam Rang এ মুক্তি লাভ কৰিয়েই ছ’চিয়েল মিডিয়াত খলকনি তুলিছিল । যদি আপুনি ভাবিছে কেৱল দীপিকা আৰু শ্বাহৰুখৰ কেমেষ্ট্ৰীৰ বাবেই এনে হৈছে, তেন্তে আপুনি ভুল ভাবিছে । গীতটিৰ সৃষ্টি আঁৰৰ বহু কাহিনী কৈছে নৃত্য পৰিচালক বৈভৱী মাৰ্চেণ্টে । শেহতীয়াকৈ বৈভৱীয়ে দীপিকাৰ সৈতে এই গীতটোত কাম কৰাৰ বিষয়ে প্ৰকাশ কৰিছে ।

সোমবাৰে মুক্তি পোৱা এই গীতটো কুমাৰৰ কথাৰে সৃষ্টি কৰিছে বিশাল-শ্বেখৰে ৷ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ মাজৰ ছিজলিং কেমিষ্ট্ৰী ফুটি উঠিছে গানটোত । মিউজিক ভিডিঅ’টোৰ আৰম্ভণিতে সোণালী ৰঙৰ মনকিনী জাম্প মৰা দীপিকাক দেখা যায় । গানটোত শ্বাহৰুখৰ এণ্ট্ৰিয়ে উতনুৱা কৰি তোলে অনুৰাগীক ।

বাণ্টী ঔৰ বাবলিৰ ৰ ‘কাজৰা ৰে’ত ঐশ্বৰ্য ৰায় বচ্চন, ধূম 3ৰ ‘কামলী’ত কেটৰিণা কাইফক কিদৰে পৰ্দাত উপস্থাপন কৰিছিল কৰিঅ’গ্ৰাফাৰে সেইয়া দৰ্শকৰ আজিও মনত আছে ৷ এনে বিখ্যাত গানৰ কৰিঅ’গ্ৰাফাৰ বাবে জনাজাত বৈভৱীয়ে শেহতীয়াকৈ যিদৰে দীপিকাক Besharam Rang ত তুলি ধৰিছে, তাক সকলোৱে প্ৰশংসা কৰিছে ৷ গানটোত নৃত্য পৰিচালনাৰ অনুভৱ তেওঁ ব্যক্ত কৰে ৷

দীপিকাক ভাৰতৰ পৰ্দাত দেখা আটাইতকৈ Hot actress হিচাপে দেখুৱাবলৈ তেওঁ সকলো কৰিছিল । বৈভৱীয়ে এইটো কথা প্ৰকাশ কৰিছে যে গানটোৰ সৈতে দীপিকাই যিদৰে নিজৰ শৰীৰক খাপ খুৱাই নৃত্য কৰিছে সেইয়া দেখি তেওঁ আচৰিত হৈছিল । গানটোত নৃত্য কৰাৰ সময়ত দীপিকা যথেষ্ট আৰামদায়ক অৱস্থাত আছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয়, "মই দীপিকাক এনেদৰে উপস্থাপন কৰিব বিচাৰিছিলো যি আগতে কেতিয়াও হোৱা নাছিল । সাজ-পোছাকৰ বাবে মই শালীনা নাথানীক দায়িত্ব দিব লাগিব বুলি জানিছিলো । গানটোৰ প্ৰতিটো ফ্ৰেমতে দীপিকা খাপ খাই পৰিছে' ৷

স্পেইনৰ আটাইতকৈ মনোমোহা উপকূলীয় চহৰ মালৰ্কা, কাডিজ আৰু জেৰেজত শ্বুটিং কৰা হৈছিল Besharam Rang ৰ । 2023 চনৰ 25 জানুৱাৰীত মুক্তি পাবলগীয়া আগন্তুক এক্সন থ্ৰিলাৰ ছবিখনেৰে চাৰি বছৰৰ মূৰত শ্বাহৰুখ খান ভূৰি আহিছে ৰূপালী পৰ্দালৈ ৷ তিনিটা ভাষাত মুক্তি লাভ কৰিব ছবিখনে ।

ওম শান্তি ওম, চেন্নাই এক্সপ্ৰেছ আৰু হেপ্পী নিউ ইয়েৰৰ দৰে ব্লকবাষ্টাৰ ছবি সমূহ চাই ক’ব পাৰি ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম ডাঙৰ অন-স্ক্ৰীণ যুটি হৈছে এছ আৰ কে আৰু দীপিকা ।

লগতে পঢ়ক : Shah Rukh Khan news:পাঠানৰ মুক্তিৰ পূৰ্বে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদ বিচাৰি কাত্ৰা পালেগৈ কিং খান

Last Updated :Dec 14, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.