ETV Bharat / state

Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

author img

By

Published : Dec 14, 2022, 11:30 AM IST

Updated : Dec 26, 2022, 9:51 AM IST

গ্ৰেপ্তাৰ হ’ল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়ক (Gang of devils group arrested) ৷ ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেং অৱ ডেভিল গ্ৰুপৰ ছিনিয়ৰ বছ আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।

Gang of devils group arrested in Bharat Bangladesh Border
গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

পশ্চিম বিলাসীপাৰা, 14 ডিচেম্বৰ: অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়ক ৷ মঙলবাৰে নিশা ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে গেং অৱ ডেভিল (Gang of Devils) গ্ৰুপৰ মূল খলনায়কক । ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেং অৱ ডেভিল গ্ৰুপৰ ছিনিয়ৰ বছ আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিলাসীপাৰাৰ সূৰ্যখাতাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Bilasipara) ৷ উদণ্ড যুৱকৰ তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সূৰ্যখাতা প্ৰথম খণ্ড গাঁৱৰ ছকিনা বেওৱা (৭০) নামৰ এগৰাকী বৃদ্ধা ৷ পৰৱৰ্তী সময়ত বৃদ্ধাগৰাকীক ততাতৈয়াকৈ বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হৈছিল বৃদ্ধাগৰাকীৰ ।

Gang of devils group arrested in Bharat Bangladesh Border
গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

বৃদ্ধাগৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ সূৰ্যখাতা গাঁৱত শোকাকুল পৰিৱেশ বিৰাজ কৰি থকা অৱস্থাতেই মানৱৰূপী দানৱৰ দলটোৱে নিজকে Gang of Devils বুলি সম্বোধন কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল এটা চাঞ্চল্যকৰ ভিডিঅ' বাৰ্তা (Bilasipara bikers accident) ৷ সামাজিক মাধ্যমত প্ৰচাৰ কৰা ভিডিঅ’ বাৰ্তাত কৈছিল, "এজনক মাৰি পেলাই দহ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই আহিলোঁ ৷ এয়া গেং অৱ ডেভিলৰ পাৱাৰ । এতিয়া আমি পাৰ্টী কৰি আছোঁ’’ ।

আৰক্ষীক প্ৰত্যাহ্বান কৰি সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ পিছতে বিলাসীপাৰা আৰক্ষীৰ ভূমিকাক লৈ উত্থাপন হৈছিল একাধিক প্ৰশ্ন । ইফালে পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে বিয়লি বিলাসীপাৰাত উপস্থিত হৈছিল IGP দিলীপ কুমাৰ দে ৷ গেং অৱ ডেভিল গ্ৰুপৰ প্ৰত্যেকজন সদস্যক গ্ৰেপ্তাৰৰ কৰি উচিত শাস্তি দিয়াৰ আশ্বাস দিছিল । কথা মতেই কাম ৷ অৱশেষত মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল কাণ্ডাৰী আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।

বিলাসীপাৰা কাণ্ডৰ পিছতেই IGP দিলীপ কুমাৰ দে সংবাদ মাধ্যমত কৈছিল যে, অতি শীঘ্ৰে ৰাজ্যৰ প্ৰতিখন জিলাত নিয়ন্ত্ৰণত অনা হ’ব উদণ্ড বাইকাৰ্চক । শীঘ্ৰে প্ৰতিখন জিলাৰ SP য়ে এই ক্ষেত্ৰত গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা ।

লগতে পঢ়ক: Accident by bikers at Bilasipara : মহিলাক হত্য়া কৰি পৈশাচিক আনন্দত বিভোৰ হৈ ভিডিঅ’ আপলোড উদণ্ডৰ যুৱকৰ

Last Updated :Dec 26, 2022, 9:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.