ETV Bharat / bharat

Clash in Tawang sector: ভাৰত-চীনে গ্ৰহণ কৰা স্থিতিত বাইডেন প্ৰশাসন সন্তোষ

author img

By

Published : Dec 14, 2022, 10:43 AM IST

ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বৰ্তমান এক অতি স্পৰ্শকাতৰ পৰ্যায়ত আছে । কেইবাবাৰো কূটনৈতিক আলোচনা হোৱা সত্ত্বেও 2020 চনত গালৱান উপত্যকা সীমান্ত সংঘৰ্ষৰ পিছৰে পৰা সম্পৰ্ক তিক্ত হৈ পৰিছে দেশ দুখনৰ মাজত (Galwan valley border conflict) । ইয়াৰ পিছতে টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষক লৈ আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিক্ৰিয়া অব্য়াহত । এই প্ৰসংগত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(White House react on Indo China Border clash ) ।

Clash in Tawang sector
ভাৰত-চীনে গ্ৰহণ কৰা স্থিতিত বাইডেন প্ৰশাসনৰ সন্তোষ

ইন্টাৰনেশ্য়নেল ডেস্ক, 14ডিচেম্বৰ: অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষক লৈ আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিক্ৰিয়া অব্য়াহত আছে (Firing between Indian and China Army) ৷ যোৱা ৯ ডিচেম্বৰৰ নিশা ভাৰতীয় সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ অহাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (indian army) ৷ এই সংঘৰ্ষত ভাৰতীয় সেনাৰ প্ৰায় 12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured) হৈছে ৷ এই প্ৰসংগত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত সংঘৰ্ষৰ পিছত ভাৰত আৰু চীন দুয়োটাই গ্ৰহণ কৰা স্থিতিত বাইডেন প্ৰশাসন সুখী (White House react on Indo China Border clash)।

মঙলবাৰে এক বিবৃতিত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে কয় যে আমেৰিকাই পৰিস্থিতিটো নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে (White House ) । এই বিতৰ্কিত সীমাৰ বিষয়ে আলোচনা কৰিবলৈ বিদ্যমান দ্বিপাক্ষিক পন্থাসমূহ ব্যৱহাৰ কৰিবলৈ দুয়োপক্ষক উৎসাহিত কৰিছে (india china faceoff )। হোৱাইট হাউছে উক্ত বিবৃতিটোত কয়, "আমি সুখী যে দুয়োপক্ষই শান্তি বজাই ৰাখিছে । আমি পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু ভাৰত আৰু চীনক বিতৰ্কিত সীমাৰ বিষয়ে আলোচনা কৰিবলৈ বিদ্যমান দ্বিপাক্ষিক উপায় ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছো ।"

উল্লেখ্য় যে অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ প্ৰকৃত (tawang faceoff ) নিয়ন্ত্ৰণ ৰেখাৰ সমীপত যোৱা ৯ ডিচেম্বৰত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ (Clash in Tawang sector) ৷ এই ঘটনাত দুয়োপক্ষৰে বহুকেইজন জোৱান আঘাতপ্ৰাপ্ত হৈছিল । ভাৰতীয় সেনাৰ তথ্য অনুসৰি, পূৱ লাডাখত দুয়োপক্ষৰ মাজত ৩০ মাহতকৈ অধিক সময় ধৰি চলি আছে চেপা উত্তেজনাৰ ৷ ফলত সীমান্ত অস্থিৰ হৈ থকাৰ মাজতে যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ স্পৰ্শকাতৰ অঞ্চলটোৰ এল এ চিৰ অন্তৰ্গত ইয়াংচেৰ সমীপত সংঘৰ্ষ সংঘটিত হয় (Indo China Border clash)।

ভাৰতীয় সেনাই এক বিবৃতিত কয় যে আমাৰ সৈন্যই অতি দৃঢ়তাৰে চীনা সৈন্যৰ সৈতে মুখামুখি হয় (india china faceoff)। এই সংঘৰ্ষত দুয়োপক্ষৰে একাংশ জোৱান সামান্য আঘাতপ্ৰাপ্ত হৈছে । সেনাৰ এই বিবৃতিত লগতে উল্লেখ কৰে যে পৰৱৰ্তী সময়ত দুয়োপক্ষই ততাতৈয়াকৈ বিবদমান অঞ্চলটোৰ পৰা পিছুৱাই যায় । ইয়াৰ পিছত আমাৰ সেনা কমাণ্ডাৰে চীনা সৈন্যৰ সমকক্ষ বিষয়াৰ সৈতে এখন ‘পতাকা বৈঠক’ আয়োজন কৰি বুজাবুজি ব্যৱস্থাৰ চুক্তি অনুসৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰ কৰে (India China Soldiers Clash) । ইতিমধ্যে আহত ছয়গৰাকী সেনা জোৱানক গুৱাহাটীৰ বশিষ্ঠস্থিত সেনা চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

লগতে পঢ়ক:Tawang Clash : এতিয়া ১৯৬২ নহয়, চীনক কঠোৰ সকীয়নি অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.