ETV Bharat / state

HSLC exam 2023: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

author img

By

Published : Dec 14, 2022, 1:53 PM IST

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা (HSLC exam 2023)। বুধবাৰে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ২০ ফেব্ৰুৱাৰী সোমবাৰে ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

Schedule of HS Final Exam has been announced
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

গুৱাহাটী, ১৪ ডিচেম্বৰ: ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী (HS Final Examination)৷ বুধবাৰে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ২০ ফেব্ৰুৱাৰী সোমবাৰে ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব পৰীক্ষা আৰু মাৰ্চৰ ২০ তাৰিখ সোমবাৰে অন্ত পৰিব । আনহাতে ব্যৱহাৰিক পৰীক্ষাসমূহ ২৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব (HSLC exam 2023)।

Schedule of HS Final Exam has been announced
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

২০ ফেব্ৰুৱাৰীত থাকিব ইংৰাজী বিষয়ৰ পৰীক্ষা । ২৩ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, শিক্ষা বিষয়ৰ পৰীক্ষা, ২৫ ফেব্ৰুৱাৰীত অৰ্থনীতি বিষয়ৰ পৰীক্ষা, ২৮ ফেব্ৰুৱাৰীত ৰাজনীতি বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়াৰ পৰীক্ষা, ২ মাৰ্চত ভাতৃভাষা বিষয়ৰ পৰীক্ষা, ৬ মাৰ্চত বুৰঞ্জী আৰু জীৱ বিজ্ঞান বিষয়ৰ পৰীক্ষা, ৯ মাৰ্চত গণিত বিষয়ৰ পৰীক্ষা, ১১ মাৰ্চত মনোবিজ্ঞান, তৰ্ক আৰু দৰ্শন বিষয়ৰ পৰীক্ষা, ১৫ মাৰ্চত ভূগোল বিষয়ৰ পৰীক্ষা, ২০ মাৰ্চত হোম চাইঞ্চৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: HSLC exam2023: নতুন শিক্ষানীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.