ETV Bharat / state

HSLC exam2023: নতুন শিক্ষানীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

author img

By

Published : Dec 8, 2022, 3:17 PM IST

HSLC exam2023
নতুন শিক্ষা নীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

নতুন শিক্ষানীতিৰে এইবাৰ অনুস্থিত হ’ব মেট্ৰিক পৰীক্ষা (New Education Policy)। এইবাৰ ৪টা বিষয়ত থাকিব ৫০ টাকৈ ১ নম্বৰৰ প্ৰশ্ন । গণিত, ইংৰাজী,সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন । ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা । নতুনকৈ ৯ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা । এই পৰ্যন্ত ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিছে ।

গুৱাহাটী, ৮ ডিচেম্বৰ: ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক) পৰীক্ষাৰ সময়সূচী । অহা ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা । নতুন শিক্ষানীতিৰ আধাৰত এইবাৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব (HSLC examination 2023)। এইবাৰ ৪টা বিষয়ত থাকিব ৫০ টাকৈ ১ নম্বৰৰ প্ৰশ্ন । গণিত,ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন । এই বিষয়ে ঘোষণা কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে (SEBA Chairman Ramesh Chandra Jain)।

HSLC exam2023
নতুন শিক্ষা নীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

পৰীক্ষাসূচী অনুসৰি ৩ মাৰ্চত অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা (HSLC Exam will held on March 3)। আনহাতে,অহা ৬ মাৰ্চত গণিত,৯ মাৰ্চত সমাজ বিজ্ঞান,১৩ মাৰ্চত সাধাৰণ বিজ্ঞান,১৫ মাৰ্চত অসমীয়া আৰু ২০ মাৰ্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব । ইপিনে,ইয়াৰ পূৰ্বে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষাসমূহ ।

উল্লেখ্য় যে পূৰ্বৰ তুলনাত এইবাৰ বহু পৃথক হ'ব মেট্ৰিক পৰীক্ষা । নতুন শিক্ষানীতি অনুসৰি ইংৰাজী,গণিত,বিজ্ঞান,সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত পৃথক হ'ব । এই প্ৰশ্ন কাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ । আনহাতে, বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ । অৰ্থাৎ শিক্ষাৰ্থীয়ে ১ নম্বৰৰ ৫০ টা প্ৰশ্নৰ উত্তৰ কৰাৰ সুযোগ লাভ কৰিব । গণিত বিষয়ৰ ক্ষেত্ৰত উত্তৰবহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব । অবজেক্টিভ (Objective Questions) প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্য়ৱস্থা থাকিব ।

HSLC exam2023
নতুন শিক্ষা নীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

এইবাৰ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা । নতুনকৈ ৯ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা । এই পৰ্যন্ত ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিছে । ইফালে,এইবাৰ দশম শ্ৰেণীত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক পৰীক্ষা । ছেবাই অনুত্তীৰ্ণ শিক্ষাৰ্থীক মেট্ৰিক পৰীক্ষাৰ বাবে নাম পঞ্জীয়নত বাধা প্ৰদান কৰিছে । পৰীক্ষাৰ বাবে নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ বুলি উল্লেখ কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ।

লগতে পঢ়ক:Incompleted irrigation project: কাকজান নদীৰ ওপৰত নিৰ্মিত জলসিঞ্চন প্ৰকল্প আজিও নহ’ল ব্যৱহাৰৰ যোগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.