ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 31, 2022, 9:06 AM IST

TOP 10 AT 9AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন

বৰপেটাত শিহৰণকাৰী ঘটনা (Road Accident in Barpeta) ৷ এজন লোকৰ মুৰৰ ওপৰেদি পাৰ হৈ গ'ল বাছৰ চকা ৷ থিতাতে মৃত্যু লোকজনৰ ৷

কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ ডিভাইডাৰত খুন্দিয়ালে এখন মটৰ চাইকেলে ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ জখলাবন্ধাৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখে বাইক লৈ আহি আছিল দুই আৰোহী ৷

দিব্যাংগসকলৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ নিশ্চিতি প্ৰদান পীযুষ হাজৰিকাৰ

জনতা ভৱনত দিব্যাংগসকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক । আলোচনাৰ জৰিয়তে দিব্যাংগসকলৰ সমস্যা সমাধানত গুৰুত্ব । চৰকাৰী চাকৰিৰ আবেদনৰ মাছুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীনসকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস (Pijush Hazarika meets Divyangjan leaders)।

গুৰুতৰভাৱে অসুস্থ বিশিষ্ট লেখক ড° প্ৰফুল্ল মহন্ত, আজিও বঞ্চিত প্ৰাপ্যৰ পৰা

গুৰুতৰভাৱে অসুস্থ হৈ আছে প্ৰজ্ঞাৰ সাধক ড৹ প্ৰফুল্ল মহন্ত(Writer Dr Prafulla Mahanta) ৷ চাকৰি জীৱনত পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হোৱা বিশিষ্ট লেখক, ভাষাবিদ, গৱেষক তথা শিক্ষাবিদগৰাকী সন্মুখীন হৈছে আৰ্থিক সংকটত ৷ ফলত প্ৰয়োজনীয় চিকিৎসাৰ পৰাও বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৷

মেলা দেখুৱাবলৈ নি কিশোৰীক অন্তঃসত্বা কৰিলে বৃদ্ধই

নগাঁৱৰ পুৰণিগুদামত জঘন্য কাণ্ড ৷ পিতৃসম ব্যক্তিৰ ধৰ্ষণৰ বলি হ’ল কিশোৰী (Minor rape in Puranigudam) । এজন 65 বছৰৰ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ । মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰ নামৰ লোকজনে সংঘটিত কৰিছিল দুষ্কাৰ্য (Rape case in Puranigudam) ।

কৰ্তব্যৰত আশা কৰ্মীৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

দুৰ্বৃত্তৰ দ্বাৰা কৰ্তব্যৰত আশা কৰ্মীক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আশাকৰ্মী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Protest against ASHA worker attack)। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰ দুপৰীয়াৰ ভাগত নীলিবাৰীৰ জনৈক আকবৰ আলীৰ ঘৰৰ গৰ্ভৱতী মহিলাৰ খবৰ ল’বলৈ যোৱাৰ সময়তে আশা কৰ্মী আমিৰণ নেছাৰ সৈতে আকবৰ আলীয়ে প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় ৷ তাৰ পিছত শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আশা কৰ্মীগৰাকীক (ASHA worker attacked on duty)।

আকাশ স্পৰ্শ কৰাৰ দিশে 10 গৰাকী উদ্যমী অসমীয়াৰ সপোন

একাগ্ৰতা আৰু মনোবল থাকিলে সকলো কামেই মানুহে অসাধ্য কামো সহজে কৰিব পাৰে ৷ তাৰে উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নামতি চাৰিআলিৰ ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপে ৷ প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰ কৰি আত্মনিৰ্ভৰশীল হৈ উঠিছে নামতি চাৰিআলিৰ 10 জন পুৰুষ মহিলাৰ এটা দল (Assam youth become self reliant with farming in Sivsagar) ৷


আমাজনৰ উলংগ জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু

ব্ৰাজিলৰ আমাজন অৰণ্যত বাস কৰা এক আপুৰুগীয়া খিলঞ্জীয়া জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু হৈছে (last member of besieged Indigenous tribe died) । প্ৰাকৃতিক কাৰণতেই তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ।

নগাঁও চহৰৰ কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব মন্ত্ৰী অশোক সিংঘালে

আজি নগাঁৱলৈ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal) ৷ আধাৰশিলা স্থাপন কৰিব কেবাটাও উন্নয়নমূলক কামৰ ৷ কেইবাখনো উদ্যানৰো কৰিব শুভ উদ্ধোধন ৷ দীর্ঘদনে বন্ধ হৈ থকা প্ৰণৱ বৰুৱা উদ্যানো শুভাৰম্ভ কৰিব মন্ত্ৰী অশোক সিংঘালে ৷

ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড কোকৰাঝাৰ আদালতৰ

কোকৰাঝাৰ আদালতৰ বিশেষ ন্যায়াধীশ জে কোচৰ বিশেষ আদালতে মঙলবাৰে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰে (Kokrajhar Court important verdict) ৷ ২০১৯ চনৰ জুলাই মাহত এগৰাকী দহ বছৰীয়া কিশোৰী ধৰ্ষণকাৰী ছানিদুল ইছলামক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি বিহে (Punishment for 20 years rigorous imprisonment) ৷ লগতে ১০ হেজাৰ টকাৰ জৰিমনাও বিহা হয় >

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.