ETV Bharat / state

কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী

author img

By

Published : Aug 31, 2022, 6:43 AM IST

Updated : Aug 31, 2022, 9:52 AM IST

road-accident-in-kaliabor
কলিয়াবৰ পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ ডিভাইডাৰত খুন্দিয়ালে এখন মটৰ চাইকেলে ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ জখলাবন্ধাৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখে বাইক লৈ আহি আছিল দুই আৰোহী ৷

কলিয়াবৰ, 31 আগষ্ট: কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Kaliabor) ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ জখলাবন্ধাৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখে আহি আছিল দুই বাইক আৰোহী ৷

জানিব পৰা মতে দ্ৰুতগতিত বাইক চলাই আহি আছিল আৰোহী দুজন ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ ডিভাইডাৰত খুন্দিয়ালে মটৰ চাইকেলখনে ৷ ফলত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত হয় আনজন আৰোহী ৷ নিহত আৰোহীজন দৰ্শিত বৰা আৰু আহতজন মানস বৰা বুলি জানিব পৰা গৈছে ৷

কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী

পিছত ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত মানস বৰাক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায় ৷ দুৰ্ঘটনাত পতিত KTM বাইকখনৰ নম্বৰ হৈছে AS 12 A E 3848 ৷

লগতে পঢ়ক: বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন

Last Updated :Aug 31, 2022, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.