গুৰুতৰভাৱে অসুস্থ বিশিষ্ট লেখক ড° প্ৰফুল্ল মহন্ত, আজিও বঞ্চিত প্ৰাপ্যৰ পৰা

author img

By

Published : Aug 30, 2022, 9:02 PM IST

Writer Dr Prafulla Mahanta

গুৰুতৰভাৱে অসুস্থ হৈ আছে প্ৰজ্ঞাৰ সাধক ড৹ প্ৰফুল্ল মহন্ত(Writer Dr Prafulla Mahanta) ৷ চাকৰি জীৱনত পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হোৱা বিশিষ্ট লেখক, ভাষাবিদ, গৱেষক তথা শিক্ষাবিদগৰাকী সন্মুখীন হৈছে আৰ্থিক সংকটত ৷ ফলত প্ৰয়োজনীয় চিকিৎসাৰ পৰাও বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৷

গুৱাহাটী, ৩০ আগষ্ট: বিশিষ্ট লেখক, ভাষাবিদ, গৱেষক তথা শিক্ষাবিদ ড৹ প্ৰফুল্ল মহন্ত(Writer Dr Prafulla Mahanta) গুৰুতৰভাৱে অসুস্থ । বৰ্তমান তেওঁ জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট লেখকগৰাকী । উল্লেখ্য যে অসমীয়া সমাজ জীৱনৰ অন্যতম অভিভাৱকস্বৰূপ ড৹ মহন্ত জটিল ৰোগত আক্ৰান্ত হৈ আছে । কিন্তু শেহতীয়াকৈ ধনৰ অভাৱৰ বাবে তেওঁৰ চিকিৎসাত ব্যাঘাত জন্মাৰ উপক্ৰম হৈছে ।

চাকৰি জীৱনত পাবলগীয়া প্ৰাপ্যখিনি নোপোৱাৰ বাবে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত অৰ্থ সংকটে দেখা দিছে । যাৰ বাবে বিশিষ্ট লেখকগৰাকীৰ পৰিবাৰে আক্ষেপ কৰিবলগীয়া হৈছে । প্ৰাপ্যখিনি পালেই তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ হ’ব ।

উল্লেখ্য যে গুৰুতৰভাৱে অসুস্থ ড৹ মহন্ত দীর্ঘদিনে চিকিৎসাধীন হৈ আছে (Dr Prafulla Mahanta under treatment)। বিগত দুটা সপ্তাহ ধৰি তেওঁ জি এন আৰ চিত চিকিৎসাধীন হৈ আছে (Prafulla Mahanta at GNRC hospital Guwahati)। ১৯৯৪ চনত মৰিয়নী কলেজৰ অধ্যাপকৰ চাকৰি এৰি আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা, অসমত ছিনিয়ৰ ৰিচাৰ্চ ফেল’ হিচাপে যোগদান কৰি ১৯৯৮ চনত সেই সংস্থাটোৰে সঞ্চালক হিচাবে দায়িত্ব লৈছিল । ২০০৫ৰ ৩১ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে । চাকৰি জীৱনত মহন্তই পাবলগীয়া ধন সম্পূৰ্ণৰূপে নাপালে । অৱসৰৰ সময়তো হাতত এটা বিৰাট ‘শূন্য’।

চৰকাৰৰ পাছত চৰকাৰ সলনি হ’ল । কিন্তু প্ৰফুল্ল মহন্তৰ দৰে এজন চিন্তাশীল লেখক আৰু আক্ষৰিক অৰ্থতেই ভাল মানুহে তেওঁৰ প্ৰাপ্য ধন নাপালে । অৱসৰৰ পাছত তেওঁৰ হাতত জমা ধন বুলিবলৈ ফুটাকড়িও নৰ’ল । উপায়হীন হৈ আইনৰ আশ্ৰয় ল’লে । ৭ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati High Court) ৰায় দিলে । ৰায় আহিল তেওঁৰ পক্ষত । দুমাহৰ ভিতৰত অধ্যাপকৰ স্কেলত বেতন নিৰ্ধাৰিত কৰি সমুদায় ধন আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়া এই ৰায় লৈ তেওঁ আকৌ চৰকাৰী কাৰ্যালয়লৈ দৌৰিল ।

উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিবক সকলো নথি-পত্ৰ দিয়াৰ লগতে উচ্চ শিক্ষাৰ সঞ্চালকলৈও সেইবোৰ প্ৰেৰণ কৰিলে । দিনৰ পাছত দিন অপেক্ষা । তেওঁৰ বায়’ডাটা সংগ্ৰহ কৰা হ’ল । উচ্চ শিক্ষা সঞ্চালকে বিচৰা তথ্য পাতি দিলে কিন্তু কামতহে নাহিল । এনেকৈয়ে তেওঁ আজিও প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হৈ আছে । চৰকাৰৰ ঘৰৰ পৰা কেইবালাখ টকাও পাবলগীয়া প্ৰফুল্ল মহন্তৰ ফাইল ১৫ বছৰে টেবুলৰ পাছত টেবুল বাগৰি থাকিল, কিন্তু চৰকাৰৰ ঘৰৰ পৰা আজিকোপতি মহন্তই এপইচাও নাপালে ।

জানিব পৰা মতে প্ৰায় ১৮ বছৰৰ মূৰত এতিয়া প্ৰফুল্ল মহন্তৰ ফাইলটো সংশ্লিষ্ট মন্ত্ৰীৰ অনুমোদনৰ বাবে মন্ত্ৰীৰ টেবুলত পৰি আছে । অসুস্থতাৰ বাবে দীর্ঘদিনে হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰফুল্ল মহন্ত । চিকিৎসা ব্যয়বহুল । গাঁঠিত নাই ধন । সেইবাবেই ভয়ংকৰ বিপদত পৰিছে মহন্তৰ পৰিয়াল । ব্যাঘাত জন্মাৰ উপক্ৰম হৈছে চিকিৎসাত । তাৎক্ষণিকভাৱে চৰকাৰে তেওঁৰ চিকিৎসা ব্যয় বহন কৰিলে হয়টো পৰিয়ালটোৱে কিছু সকাহ পাব ।

অসমীয়া সমাজ আৰু সাহিত্যলৈ প্ৰচুৰ অৱদান আগবঢ়োৱা এইজন নমস্য ব্যক্তিয়ে এতিয়া ধনৰ অভাৱত চিকিৎসা কৰিব নোৱৰা অৱস্থা । জি এন আৰ চিৰ ব্যয়বহুল চিকিৎসাৰ ভাৰ বহন কৰিব নোৱাৰি এতিয়া প্ৰফুল্ল মহন্তক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰোৱাৰ কথা ভাবিছে পৰিয়ালে । অসম চৰকাৰে মহন্তৰ পাবলগীয়া ধন যিমান পাৰি সোনকালে দিয়াৰ ব্যৱস্থা কৰিলে গৱেষকজনৰ চিকিৎসাৰ বাবে সহায়ক হ'লহেঁতেন । এইখন চৰকাৰে প্ৰজ্ঞাৰ সাধকগৰাকীক ন্যায় দিবনে ?

লগতে পঢ়ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.