ETV Bharat / international

আমাজনৰ উলংগ জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু

author img

By

Published : Aug 30, 2022, 9:08 PM IST

ব্ৰাজিলৰ আমাজন অৰণ্যত বাস কৰা এক আপুৰুগীয়া খিলঞ্জীয়া জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু হৈছে (last member of besieged Indigenous tribe died) । প্ৰাকৃতিক কাৰণতেই তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ।

Amajan
Amajan

নিউজ ডেস্ক, ৩০ আগষ্ট : ব্ৰাজিলৰ আমাজন অৰণ্যত বাস কৰা এক আপুৰুগীয়া খিলঞ্জীয়া জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু হৈছে (last member of besieged Indigenous tribe died) । প্ৰাকৃতিক কাৰণতেই তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ।

উল্লেখ্য, ব্যক্তিজনৰ বিষয়ে খুব কমেহে জনা যায় । তেওঁৰ মৃত্যুৰ কথা সপ্তাহান্তত ব্ৰাজিলৰ থলুৱা ভূমিপুত্ৰ পৰিক্ৰমা বিভাগৰ ফেডাৰেল এজেঞ্চী ফুনাই ঘোষণা কৰে (Brazil federal agency for Indigenous affairs) । তেওঁ পশ্চিম আমাজন ৰাজ্য ৰণ্ডোনিয়াৰ তানাৰু অঞ্চলৰ একমাত্ৰ বাসিন্দা আছিল (western Amazon state of Rondonia) । এই জনজাতিৰ লোকসকলৰ বৈশিষ্ট্য হৈছে তেওঁলোক উলংগ হৈ থাকে (Funai declared death of tribe in Brazil) ।

যাৰ বাবে দেশ-বিদেশৰ বিভিন্ন গৱেষক তথা তথ্য সন্ধানী লোকৰ বাবে আকৰ্ষণ তথা আগ্ৰহৰ কাৰণ আছিল উক্ত জনজাতিটো । এতিয়া উক্ত উলংগ জনজাতিটোৰ অন্তিমজন সদস্যৰো মৃত্যু হয় । লগে লগে পৃথিৱীৰ বুকুৰ পৰা চিৰদিনলৈ হোৰাই গ'ল এটা আপুৰুগীয়া জনজাতি ।

অৱশ্যে তেওঁৰ জাতি, ভাষা আৰু নাম ৰহস্য হৈয়ে আছে । কিন্তু তেওঁৰ একাকীত্ব আৰু কেইবা দশকৰ বিচ্ছিন্নতাই তেওঁক ব্ৰাজিল আৰু ইয়াৰ বাহিৰত বহুল স্বীকৃতি প্ৰদান কৰিছিল । তেওঁ খন্দা গভীৰ খাদবোৰৰ বাবে "দ্য মেন অব দ্য হ'ল" (The Man of the Hole died) উপাধি লাভ কৰিছিল । তেওঁ গুহা সদৃশ উক্ত খাদবোৰতে বেছিভাগ সময় থাকি ভাল পাইছিল । আনহাতে, 2018 চনত এটা চৰকাৰী দলে বন্দী কৰা এটা ভিডিঅ'ত কুঠাৰসদৃশ সঁজুলিৰে তেওঁক গছ কাটি থকাও দেখা গৈছিল ।

খিলঞ্জীয়া আৰু সম্পৰ্কহীন লোকসকলৰ বাবে কাম কৰা লণ্ডনস্থিত মানৱ অধিকাৰ সংগঠন ছাৰ্ভাইভেল ইণ্টাৰনেচনেলৰ (human rights organization Survival International) মতে, ১৯৭০ ৰ দশকৰ পৰা উপনিবেশবাদী আৰু কৃষকসকলৰ দ্বাৰা নিযুক্ত বন্দুকধাৰীসকলৰ আক্ৰমণত তেওঁৰ জনজাতিটোৰ বাকী সদস্যসকলক হত্যা কৰা হৈছিল । তেতিয়াৰে পৰা তেওঁ যোগাযোগৰ সকলো প্ৰচেষ্টা প্ৰতিৰোধ কৰিছিল আৰু স্পষ্ট কৰি দিছিল যে তেওঁ কেৱল অকলশৰীয়া হৈ থাকিব বিচাৰে । ছাৰ্ভাইভেলৰ গৱেষণা আৰু এডভোকেচী ডাইৰেক্টৰ ফিওনা ৱাটছনে এক বিবৃতিত এনেদৰে কয় ।

ৱাটছনে লগতে কয়, "কোনো বাহিৰৰ লোকে এই ব্যক্তিজনৰ নাম নাজানিছিল বা আনকি তেওঁৰ জনজাতিৰ বিষয়েও নাজানিছিল । তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ লোকসকলৰ গণহত্যা সম্পূৰ্ণ হৈছে (last man of Brazil rare tribe died) ।" আনহাতে, ফুনাই বিশ্বাস কৰে যে মানুহজনে প্ৰাকৃতিক কাৰণত মৃত্যুবৰণ কৰিছে আৰু সেইটো নিশ্চিত কৰিবলৈ ফেডাৰেল চিকিৎসা পৰীক্ষকৰ প্ৰতিবেদনৰ নিৰ্দেশ দিয়া হৈছে ।

সংস্থাটোৱে লগতে কয় যে বিগত সপ্তাহৰ মঙলবাৰে ফেডাৰেল নিৰীক্ষণ আৰু আঞ্চলিক নিৰীক্ষণৰ সময়ত তেওঁৰ মৃতদেহ তেওঁৰ গুহাসদৃশ ঘৰটোত পোৱা গৈছিল । মৃতদেহটোত কোনো হিংসা বা আক্ৰমণৰ লক্ষণ নাছিল বা আন কোনো লোক উক্ত স্থানত বা ওচৰৰ অৰণ্যত আছিল বুলিও কোনো ধৰণৰ প্ৰমাণ পোৱা হোৱা নাছিল ।

উল্লেখ্য, অৰণ্যখনত সন্ধান পোৱা ডজন ডজন পৰিত্যক্ত শিবিৰে এইটো স্পষ্ট কৰে যে মানুহজনে বহু বছৰ ধৰি অৰণ্যখনত ঘূৰি ফুৰিছিল । ফুনাই কয় যে তেওঁক পোৱা কুটিৰটো যোৱা ২৬ বছৰত সন্ধান লাভ কৰা ৫৩ নম্বৰ কুটিৰ আছিল । সেইটো স্থাপত্যগতভাৱে ইয়াৰ পূৰ্বতে পোৱাবোৰৰ দৰেই আছিল ।

আনহাতে, ছাৰ্ভাইভেল ইণ্টাৰনেচনেলৰ মতে, আক্ৰমণৰ ক্ষেত্ৰত সুৰক্ষাৰ বাবেই উক্ত গুহাবোৰ থকাৰ সম্ভাৱনা আছে । স্বেচ্ছাসেৱী সংস্থাটোৱে লগতে কয় যে মানুহজনে তেওঁৰ নিজে সৃষ্টি কৰা জালৰ দ্বাৰা জন্তু ধৰাৰ উপৰি মাকৈ, মেনিঅ'ক, অমিতা আৰু কলৰ খেতি কৰিছিল ।

সেয়া যিয়েই নহওক, পৃথিৱীৰ বুকুৰ পৰা চিৰদিনলৈ লোপ পালে এটা জাতি, যিটো জাতিৰ বিষয়ে জানিবলগীয়া এতিয়াও বহু বাকী ।

লগতে পঢ়ক :৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ SAMSUNGৰ R&D উদ্ভাৱন কাৰ্যসূচী সম্প্ৰসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.