ETV Bharat / bharat

৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ SAMSUNGৰ R&D উদ্ভাৱন কাৰ্যসূচী সম্প্ৰসাৰণ

author img

By

Published : Aug 30, 2022, 8:01 PM IST

Samsung expands R&D innovation program to 70 Indian engineering colleges
৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ SAMSUNGৰ R&D উদ্ভাৱন কাৰ্যসূচী সম্প্ৰসাৰণ

Samsung PRISM কাৰ্যসূচীয়ে এতিয়ালৈকে অভিযান্ত্ৰিক শিক্ষাৰ্থীসকলক পেটেন্ট দাখিল কৰিবলৈ আৰু আৰ্টিফিচিয়েল AI, ML আৰু IOT দৰে অত্যাধুনিক ডমেইনত কাৰিকৰী কাকত প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰাত সফল হৈছে(Samsung expands R&D innovation program) । ভাৰতৰ ৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উদ্যোগ-একাডেমিয়া কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিলে ছেমছাঙে ।

নতুন যুগৰ অনুসন্ধান আৰু বিকাশৰ প্ৰত্যাহ্বান তথা প্ৰতিভা বিকাশৰ বাবে সোমবাৰে ছেমছাঙে ভাৰতৰ ৭০ খন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ(70 Indian engineering colleges) উদ্যোগ-একাডেমিয়া কাৰ্যসূচী সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰে । Samsung PRISM (Samsung industry academia program) প্ৰগ্ৰেমে এতিয়ালৈকে অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীসকলক পেটেণ্ট দাখিল কৰিবলৈ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং (ML) আৰু আইঅ’টিৰ দৰে অত্যাধুনিক ডমেইনত কাৰিকৰী গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ প্ৰেৰণা যোগোৱাত সফল হৈছে(Samsung expands R&D innovation program) ।

লগতে পঢ়ক : পূৰ্বৰ মডেলৰ কেমেৰা ডিজাইনৰ সৈতে সাদৃশ্য থাকিব Samsung Galaxy S23 Ultraৰ

২০২০ চনত আৰম্ভ হোৱা এই কাৰ্যসূচীত বেংগালুৰু ছেমছাং আৰ এণ্ড ডি ইনষ্টিটিউটৰ (Samsung R&D Institute) অভিযন্তাসকলৰ সৈতে কাম কৰা ৪,৫০০ৰো অধিক অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰী আৰু ১,০০০ অধ্যাপকক প্ৰশিক্ষণ দিয়া হৈছে বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে । এতিয়ালৈকে ৩০০ৰো অধিক দলে তেওঁলোকৰ ব্যতিক্ৰমী কামৰ বাবে স্বীকৃতি লাভ কৰিছে আৰু পুৰস্কৃত হৈছে । এছ আৰ আই-বি চেণ্টাৰে ভাৰতত ৩,৫০০ৰো অধিক পেটেণ্টৰ লগতে বিশ্বজুৰি ৭,৫০০ৰো অধিক পেটেণ্ট দাখিল কৰিছে ।

শ্ৰীমানু প্ৰসাদ হেড টেকনিকেল ষ্ট্ৰেটেজি,(Srimanu Prasad Head Technical Strategy ) এছ আৰ আই-বিয়ে কয়, "চেমচাঙৰ সৈতে কাম কৰি যুৱ ছাত্ৰ-ছাত্ৰীসকলে এটা আৰ এণ্ড ডি চেণ্টাৰৰ লাইভ প্ৰজেক্টৰ বাবে হাতে কামে অভিজ্ঞতা লাভ কৰিছে আৰু অধ্যাপকসকল অধিক ব্যৱহাৰিক হৈছে । যাৰ ফলত উদ্যোগৰ অভিজ্ঞতা একত্ৰিত হৈছে আৰু ই উদ্যোগৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিছে । ডিজিটেল ইণ্ডিয়াক শক্তিশালী কৰাৰ আমাৰ দৃষ্টিভংগীক আগুৱাই নিয়া প্ৰচেষ্টা এনেদৰে অব্যাহত থাকিব ।"

লগতে পঢ়ক: ২০২৩ চনত মুকলি হ'ব 200 MP ৰ সৈতে Samsung Galaxy S23 Ultra smartphone

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.